কৃষক বিক্ষোভলৈ সমৰ্থন : দেশজুৰি অত্যাৱশ্যকীয় সামগ্ৰী যোগান বন্ধৰ হুংকাৰ মালবাহী বাহনৰ পৰিবহন সংস্থাৰ

index.jpg

সৰ্ব ভাৰতীয় মটৰ পৰিবহণ কংগ্ৰেছ(AIMTC)এ দিল্লীৰ কৃষক বিক্ষোভলৈ সমৰ্থন আগবঢ়াইছে।

অত্যাৱশ্যকীয় সামগ্ৰী পৰিহবণকাৰী দেশৰ সৰ্বূবৃহৎ সংস্থাটোৱে কৃষক বিক্ষোভলৈ সমৰ্থন আগবঢ়াই অত্যাৱশ্যকীয় সামগ্ৰী যোগান বন্ধ কৰাৰো হুংকাৰ প্ৰদান কৰিছে।

সংগঠনটোৱে অহা ৮ ডিচেম্বৰৰ পৰা কৃষক বিক্ষোভৰ সমৰ্থনত দেশজুৰি ধৰ্মঘট পালন কৰিব। ফলত দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ  নাটনিৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে।

দেশৰ প্ৰায় ১০ মিলিয়ন ট্ৰাক মালিকেৰে গঠিত ভাৰতীয় মটৰ পৰিবহণ কংগ্ৰেছ মূলতঃ উত্তৰ ভাৰতত অধিক প্ৰভাৱশালী হ’লেও সমগ্ৰ দেশতে ইয়াৰ ভেটি আছে।

“অহা ৮ ডিচেম্বৰৰ পৰা উত্তৰ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ লগতে দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ, পঞ্জাৱ, হিমাচল প্ৰদেশ আৰু জন্মু আৰু কাশ্মীৰত আমাৰ মালবাহী বাহনসমূহৰ চলাচল বন্ধ থাকিব। আমি সিদ্ধান্ত লৈছো যে চৰকাৰে কৃষকৰ দাবী মানি নোলোৱালৈকে আমাৰ মালবাহী বাহনসমূহৰ চলাচল বন্ধ থাকিব।” AIMTC সভাপতি কুলতৰণ সিং আটৱালে কয়।

উল্লেখ্য যে উত্তৰ ভাৰতৰ কৃষকসকলে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত দিল্লী চলো কৃষক বিক্ষোভ অব্যাহত ৰাখিছে।

প্ৰথমাৱস্থাত চৰকাৰে দিল্লীগামী কৃষকৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰিছিল যদিও শেহতীয়াকৈ কিছু নৰম হোৱা পৰিলক্ষিত হৈছে।

মংগলবাৰে বিক্ষোভকাৰী কৃষক প্ৰতিনিধিৰ সৈতে চৰকাৰে প্ৰথম লানি আলোচনাত অংশগ্ৰহণ কৰিছিল যদিও এই আলোচনা ব্যৰ্থ হৈছে।

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰাৰ শেহতীয়া তিনিখন কৃষি আইন বাতিল কৰাৰ দাবীত অলৰ-অচৰ হৈ আছে কৃষক সংগঠনসমূহ।

দেশৰ অন্যতম বৃহৎ পৰিবহণ সংস্থা AIMTCএ বিদ্ৰোহী কৃষকৰ কাষত থিয় হোৱাত চৰকাৰৰ কিছু শলঠেকত পৰা দেখা গৈছে। কাৰণ AIMTCএ ধৰ্মঘটন পালন কৰিলে উত্তৰ ভাৰতত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিয়ে দেখা দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।