NORTHEAST NOW (Assamese)

মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ৰ নামত প্ৰৱঞ্চকৰ জাল! গাড়ীৰ ভাড়াৰ বাবদ ৫০০ টকা বিচাৰিলে নেটিজেনক

August 28, 2024 8:11 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

এক্সত এটা পোষ্ট ভাইৰেল হোৱাৰ এদিন পাছতে দিল্লী আৰক্ষীৰ চাইবাৰ ইউনিটত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নাম লৈ ধন বিচৰা ছ’চিয়েল মিডিয়া হেণ্ডেলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

ভাইৰেল হোৱা মাইক্ৰ’ব্লগিং প্লেটফৰ্মত এই পোষ্টটোৰ স্ক্ৰীণশ্বট অনুসৰি চিজেআই চন্দ্ৰচূড় বুলি দাবী কৰা ব্যক্তিজন কন’ট প্লেচ (চিপি)ত আছে বুলি পোষ্টত উল্লেখ কৰিছিল।

উচ্চতম ন্যায়ালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিবলৈ যাতায়তৰ বাবে ৫০০ টকা জৰুৰী প্ৰয়োজন বুলি প্ৰৱঞ্চকজনে দাবী কৰে৷

প্ৰৱঞ্চকটোৱে লিখিছে- “হেল্ল’, মই চিজেআই আৰু আমাৰ কলেজিয়ামৰ জৰুৰী বৈঠক আছে আৰু মই কন’ট প্লেচত আবদ্ধ হৈ আছো।ঁ আপুনি মোক কেবৰ বাবে ৫০০ টকা পঠাব পাৰিবনে? মই আদালতত উপস্থিত হোৱাৰ পিছত টকাখিনি ঘূৰাই দিম।”

শীর্ষ আদালত কর্তৃপক্ষই ভাইৰেল প’ষ্টটো লক্ষ্য কৰি দিল্লী আৰক্ষীৰ চাইবাৰ শাখাত এফআইআৰ দাখিল কৰে৷

Related News