দিব্যাংগৰ নামত অহা কোটি কোটি টকাৰ লেনদেনত অনিয়ম : নিউ গুৱাহাটীৰ কোষাগাৰ বিষয়াক নিলম্বন

2017-03-27

নিউ গুৱাহাটী কোষাগাৰ বিষয়াৰ কাৰ্যালয়।

নিউ গুৱাহাটীৰ কোষাগাৰ বিষয়া  তবজুল হুছেইনক নিলম্বন কৰা হৈছে। দিব্যাংগৰ নামত অহা কোটি কোটি টকাৰ বিলৰ য়ুজাৰ আই ডি আৰু পাছৱৰ্ড  অধিকাৰ নথকা ব্যক্তিৰ হাতত শ্বেয়াৰ কৰাৰ বাবে অসম চৰকাৰৰ বিত্ত বিভাগৰ সঞ্চালক এছ জগন্নাথে বিষয়া গৰাকীক নিলম্বন কৰে।

উল্লখ্য যে, ২১ মে’ ২০১৯ তাৰিখে প্ৰতিবন্ধী সুৰক্ষা সমিতি অসমে ২৫০ গৰাকী প্ৰতিবন্ধী ব্যক্তিক লৈ নৃপেন মালাকাৰৰ নেতৃত্বত প্ৰতিবাদ সাৱ্যস্ত কৰিছিল। প্ৰায় দুঘন্টা ধৰি কোষাগাৰ বিষয়াক আবদ্ধ কৰি পৰিৱেশ উত্তাল কৰি ৰাখিছিল।

১০ জানুৱাৰি ২০১৯ তাৰিখে মুখ্য মন্ত্ৰীয়ে উদ্বোধন কৰা দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ ধন যোৱা মাৰ্চ মাহৰ ১২ তাৰিখে বিল নং ৩৭৫, ৩৯৫ আৰু ৪১০ যোগে মুঠ ২৯ কোটি ৫৪লাখ ৬০ হাজাৰ টকা সমাজ কল্যাণ বিভাগে বামুণীমৈডামত অৱস্থিত নিউ গুৱাহাটী কোষাগাৰলৈ প্ৰেৰণ কৰিছিল কিন্তু  কোষাগাৰ বিষয়াৰ হেমাহিৰ বাবে বৰ্তমানলৈকে হিতাধীকাৰীয়ে ধন লাভ নকৰিলে।

নিলম্বন পত্ৰখন।

উক্ত ধন ৩১ মাৰ্চ তাৰিখে বেংকলৈ প্ৰেৰণ কৰিব লাগিছিল যদিও বিষয়াৰ হেমাহিৰ বাবেই সেই বিল পৰি ৰ’ল। ইয়াৰ ফলত ২৪,৬১৭ গৰাকী প্ৰতিবন্ধী ব্যক্তিয়ে এতিয়াও অনিশ্চয়তাত ভূগি আছে।

এই সন্দৰ্ভত তদন্তৰ বাবে চান্দমাৰী থানাৰ আৰক্ষী বিষয়াৰ উপস্থিতিত প্ৰতিবাদ স্থলীৰ পৰাই  কোষাগাৰ বিষয়া তবজুল হুছেইনৰ বিৰুদ্ধে তদন্তৰ বাবে আবেদন দাখিল কৰিছিল প্ৰতিবন্ধী সুৰক্ষা সংস্থাই।

আনহাতে, অতি ৰহস্যজনকভাৱে বুধবাৰে অসম চৰকাৰৰ বিত্ত বিভাগৰ সঞ্চালক এছ জগন্নাথে  কোষাগাৰ বিষয়া তবজুল হুছেইনক আনুষ্ঠানিকভাৱে নিলম্বন পত্ৰ প্ৰেৰণ কৰে।

ইপিনে, ঘটনাটোৰ সন্দৰ্ভত প্ৰতিবন্ধী সুৰক্ষা সমিতি অসমৰ সম্পাদক নৃপেন মালাকাৰে সমগ্ৰ পদক্ষেপটোক আদৰণি জনায় লগতে নিলম্বনত পলম হোৱাৰ বাবে খেদ প্ৰকাশ কৰে। তদুপৰি, অতি সোনকালে দিব্যাংগ সকলে যেন ন্যায় পায় তাৰ বাবে চৰকাৰলৈ আহ্বান জনায়।