NORTHEAST NOW (Assamese)

বাল্যকালতে বিয়াত বহা দুই বৃক্ষৰ যুগ্ম জীৱনৰ ১৬টা বছৰত প্ৰৱেশ ||গুৱাহাটী

October 9, 2019 7:12 pm · কল্পজ্যোতি শইকীয়া
Updated: October 9, 2019 7:30 pm
বিবাহ বাৰ্ষিকী উদযাপন কৰা গছ দুজোপা। ছবি- নৰ্থইষ্ট নাও।

গুৱাহাটীত বাল্যকালতে বিবাহপাশত আবদ্ধ হোৱা দুই বৃক্ষই বুধবাৰে ভৰি দিছে যুগ্ম জীৱনৰ ষষ্ঠদশ বছৰত।

ভঙাগড়ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সমীপতে বুধবাৰে গছ দুজোপাৰ পঞ্চদশ বিবাহ বাৰ্ষিকী সম্পন্ন হৈছে।

২০০৪ চনৰ আজিৰ দিনটো (৯ অক্তোবৰ)তে বিবাহপাশত আবদ্ধ হৈছিল বৰ আৰু আহত গছ দুজোপা।

গছ দুজোপাৰ বিয়া পাতি দিয়া অভিভাৱক দেৱকান্ত দাসে দুই বৃক্ষৰ অনুগামীসকলৰ সহযোগত বিবাহ বাৰ্ষিকী অনুষ্ঠানটিৰ আয়োজন কৰে।

বাৰ্ষিকী উপলক্ষে ভক্তসকলে গছ দুজোপাৰ গুৰিত চাকি-ধূপ-ধূনাৰে পূজা-অৰ্চনা কৰাৰ লগতে নাম-প্ৰসংগতো অংশগ্ৰহণ কৰে।

গছ দুজোপাক আলম কৰি মহেশ ত্ৰিধাৰী নামৰ এখন আশ্ৰমো গঢ় লৈ উঠিছে।

গছ দুজোপাৰ বিবাহ বাৰ্ষিকীক লৈ অভিভাৱক দাস নষ্টালজিক হৈ পৰে। এগৰাকী তান্ত্ৰিকৰ কথা মতে সিহঁতৰ বিয়া পাতি দিছিলো, তেওঁ জনায়।

“গছ দুজোপাৰ বয়স বৰ্তমান ৩২ বছৰ। তান্ত্ৰিক এজনে মোক কৈছিল যে এই গছ দুজোপাৰ বিয়া পাতি দিলে আপোনাৰ মঙ্গল হ’ব। ২০০৪ চনৰ অষ্টমী তিথিৰ দিনা বিয়া পাতি দিয়া হৈছিল, সেইদিনা আছিল ৯ অক্টোবৰ,” দাসে কয়।

তেওঁ লগতে কয় যে “গছ থাকিলেহে মানুহ থাকিব” কথাষাৰ মানিয়েই তেওঁ ইমান বছৰে গছ দুজোপা লালন-পালন কৰি আহিছে।

Related News