বিজেপিৰ নিৰ্বাচনী ইচ্ছ্যু হ’ব নেকি জনজাতিকৰণ; সদনত পাটোৱাৰীয়ে কি ক’লে?

l_1-1495257846

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। ফাইল ফটো

নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপনত ব্যৰ্থ হোৱা বিজেপিয়ে যিদৰে পুনৰ শাসনলৈ আহিলে বিধেয়কখন গৃহীত কৰিব বুলি প্ৰচাৰ আৰম্ভ কৰাৰ সমান্তৰালকৈ অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোও দলটোৱে আগবঢ়াই নিব বিচাৰিছে।

সোমবাৰে বিধানসভাত অগপ বিধায়ক উৎপল দত্তৰ এটা প্ৰশ্নৰ উত্তৰত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ’বই বুলি উল্লেখ কৰি ইয়াক লৈ প্ৰশ্নৰ অৱতাৰণা কৰাৰ প্ৰয়োজন নাই বুলি কয়।

তাৎপৰ্যপূৰ্ণভাৱে, মন্ত্ৰী পাটোৱাৰীয়ে সদনত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কফিনত শেষ গজাল মাৰিলে বুলি কোৱাতো অমূলক বুলিও মন্তব্য কৰে।

সমগ্ৰ ৰাজ্যতে নাগৰিকত্ব বিধেয়ক আৰু জনজাতিকৰণৰ প্ৰসংগকলৈ পৰিস্থিতি স্পৰ্শকাতৰ হৈ থকাৰ মাজতে বিজেপিয়ে এই দুয়োটা বিষয়তে বক্তব্য স্পষ্ট কৰিছে। দেওবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে লখিমপুৰৰ এখন জনসভাত দলটোৱে শাসনলৈ আহিলে নাগৰিকত্ব বিধেয়কখন গৃহীত কৰিব বুলি মন্তব্য কৰিছিল।

আনহাতে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোকলৈয়ো বিজেপিয়ে সময়ে সময়ে মন্তব্য কৰি আহিছে। সদনত পাটোৱাৰীয়ে এই প্ৰসংগত দিয়া উত্তৰত এটা কথা স্পষ্ট হৈছে যে বিজেপিয়ে জনজাতিকৰণৰ প্ৰসংগটোও ওলোমাই ৰাখিব বিচাৰিছে। আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে নাগৰিকত্ব বিধেয়ক আৰু জনজাতিকৰণ বিষয়টো এটা ইচ্ছ্যু হিচাপে গ্ৰহণ কৰাটো প্ৰায় নিশ্চিত বুলি ক’ব পাৰি।