স্বাধীনতা দিৱস উপলক্ষে ত্ৰিপুৰাত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী

BSF-570x320

ত্ৰিপুৰাৰ ভাৰত-বাংলা সীমান্তত পহৰা দিয়া অৱস্থাত বি এছ এফৰ জোৱানৰ এটি দল

৭২ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ত্ৰিপুৰাৰ সীমান্তৱৰ্তী অঞ্চল সমূহত নিৰাপত্তা বেষ্টনী অধিক কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে।

ৰাজ্যখনৰ নৰ্থ ত্ৰিপুৰা, উনাকটি আৰু ধলাই জিলাৰ সীমান্তৱৰ্তী অঞ্চলত টি এছ আৰ, বি এছ এফ, ত্ৰিপুৰা আৰক্ষী, ডগ স্কোৱাড আৰু বম স্কোৱাডৰ দলে অহৰহ তালাচী তথা পহৰা দিয়াত ব্যস্ত হৈ পৰিছে।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত যাতে ৰাজ্যখনত কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে নিৰাপত্তা বাহিনীয়ে উক্ত তিনিওখন জিলা তথা ৰে’ল ষ্টেশ্যন সমূহত নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তোলা বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে যদিহে কোনো লোকে সন্দেহজনক বা আপত্তিজনক তথ্যৰ কিবা সম্ভেদ পায় তেন্তে তৎকালে আৰক্ষীক খবৰ দিবলৈ আহ্বান জনায় আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াই।

উত্তৰ ত্ৰিপুৰাৰ আৰক্ষী অধীক্ষক ভানুপদা চক্ৰৱৰ্তীয়ে কয়, ‘স্বাধীনতা দিৱস উপলক্ষে নিৰাপত্তা অধিক কটকটীয়া কৰি তোলাৰ স্বাৰ্থত আমি ৰে’ল ষ্টেশ্যন, বাছ, হোটেলৰ লগতে বিভিন্ন অঞ্চলত নিয়মীয়াভাৱে তালাচী চলাই আছো’।

জানিব পৰা মতে বিগত কিছু দিনৰ পৰা ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত বি এছ এফৰ সুৰক্ষা বাহিনী যথেষ্ট সষ্টম হৈ থকাৰ লগতে ৰাজ্যখনৰ সকলো আৰক্ষী থানাকে ১৫ আগষ্টৰ দিনটো সুকলমে পাৰ নোহোৱালৈকে বিভাগীয় কৰ্তৃপক্ষই সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে।