NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত স্থাপন হ’ল প্ৰথমখন আয়ুস চিকিৎসালয়

March 6, 2019 7:01 am · পিনাকী দাস
Updated: March 6, 2019 7:14 am
ত্ৰিপুৰাত আয়ুস চিকিৎসালয় উদ্বোধনৰ মহুৰ্তত।

ত্ৰিপুৰাত স্থাপন কৰা হ’ল প্ৰথমখন সংযুক্ত আয়ুস চিকিৎসালয়। উনাকতি জিলাৰ কৈলাশ চহৰত স্থাপন কৰা হৈছে নতুন চিকিৎসালয়খন।ৰাজ্যখনৰ জনসাধাৰণে এতিয়াৰ পৰা এই চিকিৎসালয়খনত আয়ুৰ্বেদিক, হোমিঅ’পেথি আৰু যোগৰ চিকিৎসা লাভ কৰিব।

ত্ৰিপুৰাৰ স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্ৰী সুদীপ ৰয় বৰ্মনে বিধায়ক ভগৱান দাস আৰু নিতিশ দেৱৰ উপস্থিতিত পঞ্চাশখন বিচনাযুক্ত চিকিৎসালয়খন উদ্বোধন কৰে।

চিকিৎসালয়খন উদ্বোধন কৰি সুদীপ ৰয় বৰ্মনে কয় যে, ত্ৰিপুৰাৰ জনসাধাৰণে নতুনকৈ মুকলি হোৱা চিকিৎসালয়খনত আয়ুৰ্বেদিক, যোগ আৰু হোমিঅ’পেথিৰ চিকিৎসা লাভ কৰিব। ভাৰত চৰকাৰে জনসাধাৰণক একেখন চিকিৎসালয়ত তিনিওটা পদ্ধতি উপলব্ধ কৰাৰ প্ৰয়াস কৰি আহিছে। যোগ চিকিৎসা পদ্ধতিৰ দ্বাৰা সুপ্ত হৈ থকা ৰোগ সমূহৰ বিৰুদ্ধে যুদ্ধ কৰাত সহায়ক হ’ব বুলিও মন্ত্ৰীজনে উল্লেখ কৰে।

ত্ৰিপুৰাৰ লগতে ইয়াৰ ওচৰ চুবুৰীয়া ৰাজ্য অসমৰ জনসাধাৰণেও ভবিষ্যত দিনত চিকিৎসালয়খনৰ পৰা উপকৃত হ’ব বুলি মন্ত্ৰীজনে সংবাদমাধ্যমৰ আগত উল্লেখ কৰে। শিলচৰ, কৰিমগঞ্জ আদি জিলাৰ পৰা অহা লোকসকলে সহজতে চিকিৎসালয়খনৰ চিকিৎসা সেৱা লাভ কৰিব পাৰিব বুলিও মন্ত্ৰীজনে কয়।

ভাৰত চৰকাৰৰ সাহায্যৰে নিৰ্মিত চিকিৎসালয়খনত ও পি ডি, আই পি ডিৰ লগতে আয়ুৰ্বেদিক পদ্ধতিৰ পঞ্চকৰ্মা চিকিৎসা ব্যাৱস্থা উপলব্ধ থাকিব।

Related News