চৰকাৰী মাটিত নিৰ্মিত ধৰ্মীয় অনুষ্ঠানসমূহৰ উচ্চেদ প্ৰক্ৰিয়া আৰম্ভ ত্ৰিপুৰা চৰকাৰৰ

Tripura-temple-1140x570

ত্ৰিপুৰাৰ বিজেপি-আইপিএফটি চৰকাৰে ৰাজ্যখনৰ অকৰ্তৃত্বশীলভাৱে চৰকাৰী মাটিত নিৰ্মিত ধৰ্মীয় অনুষ্ঠানসমূহ অন্য স্থানত নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি চৰকাৰী বিষয়াসকলে প্ৰকাশ কৰিছে।

উল্লেখ্য যে ২০০৯ চনত সৰ্বোচ্চ ন্যায়ালয়ে এই নিৰ্দেশ জাৰি কৰিছিল আৰু ত্ৰিপুৰাৰ তদানিন্তন বামপন্থী চৰকাৰে ২০১৩ চনত এটা প্ৰস্তাৱ পাছ কৰিছিল আৰু এই নিৰ্দেশ কাৰ্যকৰীকৰণৰ বাবে এখন শপতনামা দাখিল কৰিছিল।

কিন্তু এই ক্ষেত্ৰত অভিক আগবঢ়া হোৱা নাছিল কিন্তু বিজেপি নেতৃত্বাধীন  মিত্ৰ চৰকাৰে এই নিৰ্দেশ কাৰ্যকৰীকৰণ কৰিবলৈ আগবাঢ়িছে।

ৰাজহ বিভাগৰ অতিৰিক্ত সচিব এল টি ডাৰলংঙে কৈছে যে এই বিষয়টো এতিয়াও ত্ৰিপুৰা উচ্চ ন্যায়ালয়ত ন্যায়িক বিৱেচনাধীন হৈ আছে। অহা ১৯ ডিচেম্বৰত ৰাজ্য চৰকাৰে ৰাজ্যখনত গঢ়ি উঠা অকৰ্তৃত্বশীল ধৰ্মীয় অনুষ্ঠানসমূহৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিব।

ৰাজহুৱা স্থানসমূহ মুক্ত কৰাৰ বাবে ২০০৯ চনতেই সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশ বৰ্তমান ত্ৰিপুৰাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জয় কাৰোলে বলৱৎ কৰিব বিচাৰিছে। এই বিষয়ৰ ওপৰত অতি শীঘ্ৰেই শুনানি গ্ৰহম কৰা হ’ব বুলি পশ্চিম ত্ৰিপুৰাৰ অতিৰিক্ত জিলা দণ্ডাধীশ তপন কুমাৰ দাসে জনাইছে।

জিলা প্ৰশাসনে ইতিমধ্যে শনি মন্দিৰ, কালী মন্দিৰ আদি কৰি অতি কমেও ১২টা মন্দিৰ অন্য স্থানলৈ লৈ যোৱা হৈছে আৰু মছজিদ, গীৰ্জা আৰু ডাঙৰ ডাঙৰ মন্দিৰসমূহৰ কৰ্তৃপক্ষসকলৰ সৈতে এই সম্পৰ্কে আলোচনা কৰি থকা হৈছে বুলি পশ্চিম ত্ৰিপুৰাৰ অতিৰিক্ত জিলা দণ্ডাধীশগৰাকীয়ে সংবাদ মাধ্যমক জনাইছে।

পশ্চিম ত্ৰিপুৰা জিলাৰ সোণামুৰাৰ মহকুমা দণ্ডাধীশ ছাজু ৱাহিদে জনাইছে যে ধ্মীয় অনুষ্ঠানসমূহক ৩০ বছৰ পূৰ্বৰ আৰু ৩০ বছৰৰ পাছৰ দুটা ভাগত বিভক্ত কৰা হৈছে।