NORTHEAST NOW (Assamese)

দুটা পিষ্টলসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বাংলাদেশী নাগৰিক

September 29, 2019 6:54 am · এন ই নাও নিউজ
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বাংলাদেশী নাগৰিক অনুময় চাকমা আৰু অস্ত্ৰ-শস্ত্ৰখিনি। ফটো : নৰ্থইষ্ট নাও

শনিবাৰে সন্ধিয়া দুটা পিষ্টল আৰু চাৰিটা মেগজিনসহ এজন বাংলাদেশী নাগৰিকক ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা বাংলাদেশী নাগৰিকজনক অনুময় চাকমা বুলি চিনাক্ত কৰা হৈছে।

নতুন বজাৰ আৰক্ষী থানাৰ এটা দলে এক অভিযানত চাকমাক গ্ৰেপ্তাৰ কৰে।

নতুন বজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বাপী দেববাৰ্মাই জনায় যে তেওঁলোকে আগৰতলাৰ পৰা অমৰপুৰ অভিমুখে এজন লোক অস্ত্ৰ-শস্ত্ৰসহ আহি থকাৰ বিষয়ে এক সূত্ৰৰ পৰা খবৰ লাভ কৰিছিল।

উক্ত তথ্যৰ ভিত্তিত আৰক্ষীৰ এটা দলে গাড়ীসমূহত তালাচী অভিযান চলায় আৰু এখন বাছৰ পৰা অস্ত্ৰ-সস্ত্ৰসহ অনুময় চাকমাক আটক কৰিবলৈ সক্ষম হয়।

‘’বাছখন উদইপুৰৰ পৰা অমৰপুৰ মহকুমাৰ কৰবুকৰ পিনে আহি আছিল,’’-দেববাৰ্মাই কয়।

পিষ্টল দুটা বিদেশত নিৰ্মিত বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

দেববাৰ্মাই কয় যে বাংলাদেশী নাগৰিকজনে আগৰতলাৰ পৰা অস্ত্ৰ খিনি ক্ৰয় কৰিছিল বুলি দাবী কৰিছে।

‘’তেওঁ উদইপুৰৰ পৰা এখন মেক্স’ বাহনত আহি তাৰপৰা বাছত উঠিছিল,’’-দেববাৰ্মাই জানিবলৈ দিয়ে।

আৰক্ষী বিষয়া দেববাৰ্মাই লগতে জনায়,’’গ্ৰেপ্তাৰ কৰা অনুময় চাকমাই সদৰী কৰিছে যে তেওঁ বাংলাদেশৰ খাগ্ৰাচাৰি জিলাৰ এজন বাসিন্দা আৰু কৰবুকত  তেওঁৰ শহুৰেকৰ ঘৰ।‘’

গ্ৰেপ্তাৰ হোৱা বাংলাদেশী নাগৰিকজনে সদৰী কৰে যে তেওঁ বাংলাদেশৰ কোনোবা বকুল চাকমাৰ পৰা পিষ্টল দুটা কিনিছিল।

‘’আৰক্ষীৰ জেৰা অব্যাহত আছে,’’-দেববাৰ্মাই জানিবলৈ দিয়ে।

Related News