ড্ৰাগছ বিৰোধী অভিযানত ত্ৰিপুৰাত গাঞ্জাসহ ৭ কোটি টকাৰ ড্ৰাগছ জব্দ

ত্ৰিপুৰা আৰক্ষীয়ে কালি ৰাজ্যখনৰ বিভিন্ন স্থানত অভিযান চলাই প্ৰায় ৭ কোটি টকা মূল্যৰ বৃহৎ পৰিমানৰ নিষিদ্ধ গাঞ্জা আৰু আন আন নিচাযুক্ত সামগ্ৰী জব্দ কৰে। জব্দ কৰা সামগ্ৰী পিছত জ্বলাই পেলোৱা হয় বুলি আৰক্ষীৰ এগৰাকী উচ্চ পৰ্যায়ৰ বিষয়াই জানিবলৈ দিয়ে।

বিষয়া গৰাকীৰ মতে অভিযান কালত তেওঁলোকে মুঠ ৪৭৫২ কেজি গাঞ্জাৰ লগতে ৫৬২৬১ টা কফ চিৰাপৰ বটল, ৩০৫৫৭৪টা নিচাযুক্ত টেবলেট আৰু ১০৯৬ গ্ৰাম হেৰ’ইন জব্দ কৰে।

তেওঁ লগতে কয় যে উল্লেখ্য যে ত্ৰিপুৰাত বিজেপি-আই পি এফ টি চৰকাৰ ক্ষমতালৈ অহাৰ পাছত মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে। এই সময়চোৱাত নিৰাপত্তাৰক্ষীসকলে ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ লগতে শতাধিক ড্ৰাগ মাফিয়াক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে কালি জব্দ কৰা গাঞ্জাসমূহ আৰক্ষীয়ে ৰাজধানী চহৰ আগৰতলাৰ দাঁতিকাষৰিয়া আৰ কে নগৰ ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটত জ্বলাই পেলায়।

আনহাতে উক্ত অভিযানৰ সময়ত আৰক্ষীয়ে বৃহৎ সংখ্যক গাঞ্জাৰ পুলিও জব্দ কৰে।