অসম-ত্ৰিপুৰা সীমান্তত আৰক্ষীৰ অভিযানত জব্দ ৬৩০ কিলোগ্ৰাম ভাং

n1

নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযানত পুনৰ সফলতা ত্ৰিপুৰা আৰক্ষীৰ। বৃহস্পতিবাৰে আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলোৱা অভিযানৰ পৰা নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ লগত জড়িত ৬ জনকৈ লোকক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে ত্ৰিপুৰা-অসম সীমান্তত উপ পৰিদৰ্শক সাধন মজুমদাৰ আৰু কনিষ্টবল নিত্য দাসৰ নেতৃত্বত চলা নিয়মীয়া তালাচী অভিযানত এখন ১২ চকীয়া গাড়ীৰ পৰা ৩৫ লাখৰো অধিক মূল্যৰ নিচাজাতীয় সামগ্ৰী ভাং জব্দ কৰে।

আৰক্ষীয়ে টি আৰ ০১ এ এ ১৭৪১ নম্বৰৰ ১২ চকীয়া বাহনখনৰ পৰা ৬৩ টা পেকেটৰ পৰা প্ৰায় ৬৩০ কিলোগ্ৰাম ভাঙৰ লগতে গাড়ীখনো জব্দ কৰে বুলি জানিব পৰা যায়।

আনহাতে এই ঘটনাৰ লগত জড়িত হিৰা মিঞা আৰু আৰ্জুম চাংমা নামৰ দুজন ভাং সৰবৰাহকাৰীকো আটক কৰে।

ইফালে কালিৰ দিনটোতে আন এক অভিযানত আৰক্ষীয়ে ৪ গৰাকী সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ত্ৰিপুৰা আৰক্ষীয়ে ৰাজ্যখনৰ পৰা নিচাজাতীয় সামগ্ৰী সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ অভিযানত ব্ৰতী থকাৰ সময়তে সৰবৰাহকাৰীয়ে ন ন পদ্ধতিৰে ৰাজ্যখনত ড্ৰাগছ তথা ভাঙৰ ব্যৱসায় সক্ৰিয় কৰি তুলিবলৈ উঠি পৰি লাগিছে বুলি আৰক্ষীয়ে সাংবাদিকৰ আগত মত প্ৰকাশ কৰা দেখা যায়।