ত্ৰিপুৰাত নতুনকৈ ১৩ গৰাকী ক’ৰ’না আক্ৰান্ত; মুঠ আক্ৰান্তৰ সংখ্যা ২৯

Manipur registers 3rd COVID19 positive case

প্ৰতিনিধিত্বমূলক ছবি

সোমবাৰে ত্ৰিপুৰাত নতুনকৈ ১৩ গৰাকী ব্যক্তিৰ শৰীৰত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ২৯ গৰাকীলৈ বৃদ্ধি পাইছে।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে সোমবাৰে ত্ৰিপুৰাত নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হোৱা ১৩ গৰাকী লোকৰ ভিতৰত ১১ বি এছ এফ জোৱান আৰু দুগৰাকী বি এছ এফ জোৱানৰ পৰিয়ালৰ সদস্য বুলি জানিবলৈ দিয়ে।

ত্ৰিপুৰাত ক’ৰ’নাত আক্ৰান্ত হোৱা ২৯ গৰাকী ব্যক্তিৰ ভিতৰত ইতিমধ্যে দুগৰাকী সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰি চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিছে।

আনহাতে, ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৰাজ্যখনৰ জনসাধাৰণক শংকা নকৰিবলৈ আহ্বান জনায় চৰকাৰী নীতি-নিৰ্দেশনা মানি ঘৰত ভিতৰত আৱদ্ধ হৈ থাকিবলৈ অনুৰোধ কৰে।

‘‘চৰকাৰে ইতিমধ্যে সকলো কোভিড-১৯ ৰোগীৰ বাবে প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা সম্পূৰ্ণৰূপে সাজু কৰি তুলিছে। বিশেষজ্ঞ চিকিৎসক সকলে ৰোগীসকলক প্ৰয়োজনীয় চিকিৎসা আগবঢ়াই আছে,’’ বিপ্লৱ কুমাৰ দেৱে লগতে কয়।

উল্লেখযোগ্য যে, উত্তৰ-পূবৰ ভিতৰত অসম আৰু ত্ৰিপুৰাত সৰ্বাধিক সংখ্যক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।