NORTHEAST NOW (Assamese)

ত্ৰিপুৰাৰ ৰাজকুমাৰে আৰক্ষী থানাৰ ভিতৰতে যুৱকক সোধালে প্ৰচণ্ড চৰ

April 18, 2019 11:34 pm · পিনাকী দাস
Updated: April 18, 2019 11:40 pm

ত্ৰিপুৰা কংগ্ৰেছৰ সভাপতি তথা ৰাজকুমাৰ প্ৰদ্যুৎ কিশোৰ মানিক্য দেববাৰ্মাই বৃহস্পতিবাৰে ত্ৰিপুৰাৰ খোৱাই আৰক্ষী থানাৰ ভিতৰতে এজন যুৱকক চৰিওৱা ভিডিঅ’ ৰাজহুৱা হৈ পৰাৰ পাছতে বিতৰ্কৰ সৃষ্টি কৰিছে।

তথ্য অনুসৰি, ৰাজকুমাৰ প্ৰদ্যুতৰ বায়েক তথা পূব ত্ৰিপুৰা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰজ্ঞা দেব বাৰ্মাৰ কনভয়ত আক্ৰমণ কৰা এজন যুৱকক আৰক্ষীয়ে ধৰি আনে।

কংগ্ৰেছ প্ৰাৰ্থী প্ৰজ্ঞা দেব বাৰ্মাৰ কনভয়ত বৃহস্পতিবাৰে ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ আঁতৰৰ খোৱাই জিলাৰ তুলাশিখৰত একাংশ লোকে আক্ৰমণ কৰে।

এই সন্দৰ্ভত আৰক্ষীয়ে মিথুন দেব বাৰ্মা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে।

ভিডিঅ’টোত দেববাৰ্মাই তেওঁৰ একাংশ সমৰ্থকৰ সৈতে আৰক্ষী থানাৰ ভিতৰত প্ৰৱেশ কৰা দেখা যায়।

আৰক্ষী থানাৰ ভিতৰত যুৱকজনে এখন বেঞ্চৰ পৰা উঠি আহে আৰু হাতযোৰ কৰি ক্ষমা খোজে।

কিন্তু ৰাজকুমাৰগৰাকীয়ে হঠাতে আৰক্ষী বিষয়াৰ সন্মুখতে যুৱকজনক প্ৰচণ্ড চৰ সোধায়। তেওঁক সমৰ্থকসকলে বাহিৰলৈ উলিয়াই লৈ যায়।

উল্লেখযোগ্য যে পূব ত্ৰিপুৰা লোকসভা সমষ্টিত ১৮ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও আইন শৃংখলাজনিত কাৰণত নিৰ্বাচন আয়োগে ২৩ তাৰিখে অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ পিছুৱাই দিয়ে।

ইয়াৰ পূৰ্বে, বায়েকৰ কনভয়ত আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদ্যুতে তেওঁৰ টুইটাৰত ঘটনাটোত পোহনীয়া গুণ্ডা জড়িত থকাৰ অভিযোগ উত্থাপন কৰে। তেওঁ টুইট কৰিছে : ‘’ খোৱাইৰ তুলাশিখৰত পোহনীয়া গুণ্ডাৰ দ্বাৰা মোৰ বাইদেউক আক্ৰমণ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰু বহুতো আছে! মন্ত্ৰী ডাঙৰীয়া (আপুনি জানে মই কাৰ কথা ক’ব খুজিছো) আপুনি মোৰ বাইদেউক আক্ৰমণ কৰিবলৈ ভাড়া কৰা বাবে লোকসকলক ধন দিবই লাগিব।‘’

Related News