ৰাজ্যিক ফল হিচাপে ঘোষণাৰ পাছত আনাৰসেৰে ভৰিছে ত্ৰিপুৰা; বাংলাদেশ আৰু ভাৰতৰ বিভিন্ন প্ৰান্তলৈ এমাহত ৰপ্তানি ১,৯৩,০০০ কিলোগ্ৰাম আনাৰস

Assam_-Tourist-from-Israel-looted-in-Guwahati-Two-held-4

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

ত্ৰিপুৰাৰ উদ্যানশস্য বিভাগে মঙলবাৰে বিগত মাহত ৰাজ্যখনে বাংলাদেশ আৰু ভাৰতবৰ্ষৰ বিভিন্ন স্থানলৈ প্ৰায় ১৭২ লাখ আনাৰস (১৯৩.১০ মিলিয়ন টন) ৰপ্তানি কৰিবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে। ত্ৰিপুৰাৰ পৰা ৰপ্তানি কৰা আনাৰসৰ ভিতৰত ১১৩ মিলিয়ন টন আনাৰস বিশ্বমানৰ ‘কুইন’ প্ৰজাতিৰ।

বাতৰিত প্ৰকাশ পোৱা মতে, ত্ৰিপুৰাৰ খেতিয়কসকলে ১০০ মিলিয়ন টন আনাৰস বাংলাদেশলৈ ৰপ্তানি কৰাৰ বিপৰীতে গুৱাহাটী, কলিকতা আৰু দিল্লী আদি ঠাইলৈ ছবাৰ আনাৰসৰ ৰপ্তানি কৰিছে। তথ্য মতে,  বাংলাদেশৰ বাহিৰে অন্য দেশলৈ চলিত বৰ্ষত ত্ৰিপুৰাৰ পৰা আনাৰসৰ ৰপ্তানি কৰা হোৱা নাই।

ত্ৰিপুৰা চৰকাৰে ত্ৰিপুৰা ঔদ্যোগিক বিকাশ নিগমৰ দ্বাৰা ৰাজ্যখনৰ বাহিৰলৈ আৰু অধিক পৰিমানে আনাৰস ৰপ্তানি কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ত্ৰিপুৰাৰ উদ্যানশস্য বিভাগৰ এগৰাকী উচ্চ পৰ্যায়ৰ বিষয়াৰ মন্তব্য অনুসৰি ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনৰ আনাৰস খেতিয়কসকলক সকলো প্ৰকাৰে সহায় কৰাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ, যাৰ বাবে বিগত বৰ্ষত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আনাৰসক ত্ৰিপুৰাৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰিছিল।

আনহাতে, লাভ কৰা খবৰ অনুসৰি ত্ৰিপুৰাৰ আনাৰস খেতিয়কসকলে উৎপাদিত আনাৰস বজাৰত বিক্ৰী কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখিন হৈ আহিছে।

এগৰাকী আনাৰস খেতিয়কে প্ৰকাশ কৰা ভাষ্য মতে এইবাৰ ৰাজ্যত আনাৰসৰ উৎপাদন বৃদ্ধিৰ অনুপাতে স্থানীয় আৰু বহিৰাগত বনিয়াসকলে আনাৰস ক্ৰয়ৰ ক্ষেত্ৰত বিশেষ আগ্ৰহ দেখুওৱা নাই।

‘কোনো ব্যৱসায়ী ক্ৰয় কৰিব নহা বাবে ১০০০০ ত কৈ অধিক আনাৰস দাওদাৰাণী অঞ্চলৰ বাগিচাতে পেলাই দিবলগীয়া হৈছে’-খেতিয়কগৰাকীয়ে অতি দুখেৰে সংবাদ মাধ্যমৰ আগত এনেদৰে কয়।

চলিত বৰ্ষত সোণামুৰাত ৫০০ কৈ অধিক খেতিয়কে আনাৰসৰ খেতি কৰে যদিও তেওঁলোকে লোকচানৰ সন্মুখিন হৈ বিনিয়োগ মূল্য পৰ্যন্ত হেৰুৱাবলগীয়া হয়।