ত্ৰিপুৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড: মাতৃ-ভগ্নীসহ পৰিয়ালৰ চাৰি সদস্যক কুঠাৰেৰে ঘপিয়াই হত্যা কিশোৰৰ

Tripura Teen Kills Mother sister

অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত সংঘটিত এক নৃশংস হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজ্যখনৰ ধলাই জিলাৰ এখন ভিতৰুৱা গাঁৱত এগৰাকী কিশোৰে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিছে নিজ মাতৃ-ভগ্নীসহ পৰিয়ালৰ চাৰি সদস্যক।

হত্যাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে ১৭ বৰ্ষীয় কিশোৰগৰাকীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে অভিযুক্ত কিশোৰগৰাকীয়ে শনিবাৰে নিশা শুই থকা অৱস্থাতে নিজৰ ককাক, মাক, ভনীয়েক আৰু খুৰীয়েকক ঘপিয়াই হত্যা কৰিছে।

ধলাইৰ জ্যেষ্ঠ আৰক্ষী বিষয়া এগৰাকীয়ে এক বিবৃতিত এই নৃশংস হত্যাকাণ্ডৰ বিষয়ে কয়, “এগৰাকী কিশোৰে তেওঁৰ পৰিয়ালৰ চাৰিগৰাকী সদস্যক হত্যা কৰিছে। অভিযুক্ত কিশোৰগৰাকীক ঘটনাৰ কেইঘণ্টামানৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হৈছে।”

এই ভয়াৱহ হত্যাকাণ্ডৰ কাৰণ উদ্ঘাটনৰ বাবে তদন্ত চলাই থকা হৈছে আৰক্ষী বিষয়াগৰাকীয়ে বিবৃতিটোত লগতে কয়। আৰক্ষীৰ ভাষ্য অনুসৰি, হত্যাৰ সময়ত অভিযুক্ত কিশোৰগৰাকীৰ দেউতাক ঘৰত উপস্থিত নাছিল।

ঘৰলৈ উভতি অহাৰ পাছতে তেওঁ ঘৰৰ বহু ঠাইতে তেজ পৰি থকা দেখি ঘটনাৰ এক উমান পায় আৰু কিছুসময় বিচাৰ-খোচাৰ কৰাৰ পিছতে মৃতদেহকেইটা এটা কুঁৱাত পেলাই দিয়া হৈছে বুলি জানিব পাৰে।

আৰক্ষী বিষয়া গৰাকীয়ে লগতে জানিবলৈ দিয়া মতে হত্যাৰ পূৰ্বে কিশোৰগৰাকীয়ে নিজৰ ঘৰত চুৰিও কৰিছিল। আনকি পৰিয়ালৰ সদস্যসকলক হত্যা কৰাৰ সময়তো হত্যাৰ বলি হোৱা লোকসকলৰ চিঞৰ-বাখৰ বাহিৰলৈ যোৱাত বাধা দিয়াৰ উদ্দেশ্যে উচ্চ স্বৰত গান বজাই থয় দুৰ্বৃত্ত কিশোৰগৰাকীয়ে।

স্থানীয় লোকে দাবী কৰা মতে অভিযুক্ত কিশোৰগৰাকী দূৰদৰ্শনৰ প্ৰতি আসক্ত আছিল আৰু বিশেষকৈ অপৰাধ অনুসন্ধানমূলক অনুষ্ঠানসমূহ উপভোগ কৰিছিল।

ঘটনাস্থলীৰ পৰা মৃতদেহকেইটা উদ্ধাৰ কৰি আৰক্ষীয়ে লগে লগে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ভয়ংকৰ হত্যাকাণ্ডৰ আঁৰৰ কাৰণ উদগাটনৰ বাবে তদন্ত আৰম্ভ কৰা হৈছে বুলি বিষয়াগৰাকীয়ে লগতে কয়।