NORTHEAST NOW (Assamese)

অগ্নিদগ্ধ হৈ বোৱাৰীৰ মৃত্যু; স্বামী আৰু শাহুৱেকক গ্ৰেপ্তাৰ

August 30, 2019 8:36 am · এন ই নাও নিউজ

পশ্চিম ত্ৰিপুৰাত এগৰাকী বিবাহিত মহিলাক গাত জুই লগাই হত্যা কৰাৰ অপৰাধত বৃহস্পতিবাৰে স্বামী আৰু শাহুৱেকক গ্ৰেপ্তাৰ কৰে।

এই ঘটনাটো সংঘটিত হৈছে পশ্চিম ত্ৰিপুৰা জিলাৰ ইন্দ্ৰ নগৰৰ নোৱাগাঁৱত।

আৰক্ষীয়ে জানিব দিয়া অনুসৰি সোমা দেবনাথ নামৰ মহিলা গৰাকীক তেওঁৰ স্বামী আৰু শাহুৱেকে মিলি জ্বলাই দিয়ে।

এই ঘটনাৰ পিছতে ভুক্তভোগী মহিলা গৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষীক অভিযোগ দিয়াত আৰক্ষীয়ে মহিলা গৰাকীৰ স্বামী সুমিত আৰু মাকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

ইফালে সুমিত আৰু তেওঁৰ মাতৃয়ে সোমাক নানান ধৰণে শাৰিৰীক অত্যাচাৰ চলাইছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

‘বৃহস্পতিবাৰেও মহিলা গৰাকীক দুয়োজনে মিলি অকথ্য নিৰ্যাতন চলাইছিল। নিৰ্যাতন ইমানেই কঠোৰ আছিল যে তেওঁৰ চিঞৰ ওচৰৰ লোকে শুনিছিল’। এই ভাষ্য এজন স্থানীয় লোকৰ।

মৃত মহিলা গৰাকীৰ তিনি বছৰীয়া এটা সন্তানো আছে।

ইফালে মহিলা গৰাকীৰ মৃত্যৰ খবৰ অঞ্চলজুৰি বিয়পাৰ লগে লগে ক্ষুভিত হৈ পৰা লোক সমূহে মাক-পুতেকক উত্তম মধ্যম শোধায়।

এই ঘটনাৰ পিছতেই আৰক্ষীৰ লোক ঘটনাস্থলত উপস্থিত হৈ উত্তেজিত ৰাইজৰ মাজৰ পৰা দুয়োজনকে উদ্ধাৰ কৰে।

পশ্চিম ত্ৰিপুৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মিহিৰ লাল দাসে মাক-পুতেকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে মহিলা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জনায়।

Related News