দুৰ্ঘটনাৰ পৰা যাত্ৰীবাহী ৰেলগাড়ী ৰক্ষা কৰা স্বপন দেববৰ্মালৈ চৰকাৰী চাকৰি

train

এটা আৱশ্যম্ভাৱী ভয়াবহ দুৰ্ঘটনাৰ পৰা যাত্ৰীবাহী ৰেলগাড়ী এখনক ৰক্ষা কৰা স্বপন দেৱবৰ্মা নামৰ লোকজনক ত্ৰিপুৰা চৰকাৰে এটা চাকৰি আগবঢ়াইছে। ৰাজ্যখনৰ আইন মন্ত্ৰী ৰতন লাল নাথে ২৯ নৱেম্বৰ বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰিছে।

স্বপন দেববৰ্মাৰ কন্যা সোমাতিৰ শিক্ষাৰ সমষ্টি দায়িত্ব ৰাজ্য চৰকাৰে বহন কৰিব বুলি জানিছে। নাথে আৰু কৈছে যে বুধবাৰৰ কেবিনেটৰ বৈঠকত দেববৰ্মালৈ তেওঁৰ বীৰত্ব তথা সাহসৰ স্বীকৃতি হিচাপে চাকৰি এটা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

স্বপন দেববৰ্মাক ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে নিযুক্তি দিয়া হৈছে আৰু তেওঁৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতাৰ ন্যূনতম সীমা শিথিল কৰা হৈছে। উল্লেখ্য যে অনুসূচিত জনজাতিৰ বাবে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ বাবে ন্যূনতম শিক্ষাগত আৰ্হতা হৈছে অষ্টম শ্ৰেণী উত্তীৰ্ণ।

তাৎপৰ্যপূৰ্ণভাৱে দেববৰ্মাই তৃতীয় মানলৈকে অধ্যয়ন কৰিছিল কিন্তু তেওঁৰ মহৎ কামৰ প্ৰতি স্বীকৃতিৰ চিন স্বৰূপে চৰকাৰে তেওঁক চাকৰিটো আগবঢ়াইছে।

ত্ৰিপুৰাৰ ঢলাই জিলাৰ ধামচেৰাৰ বাসিন্দা স্বপন দেববৰ্মাই (৪৫) স্থানীয় বজাৰত খৰি, বাঁহগাজ, বনৰীয়া কন্দ বিক্ৰি কৰি জীৱন নিৰ্বাহ কৰিছিল। চলিত বৰ্ষৰ জুন মাহৰ ১৫ তাৰিখে তেওঁ আৰু তেওঁৰ কন্য সোমাতিয়ে মুংগিয়াকামী আৰু আম্বাছাৰ মাজৰ ৰেলপথৰ এচোৱা চিঙি থকা দেখা পায়। ধৰাসাৰ বৰষুণে ৰেলপথৰ অংশ এচোৱা উটুৱাই নিছিল।

এইদৰে ৰেলপথচোৱা চিঙি থকা দেখি আৰু পৰিদৰ্শনকাৰী দলটোক লগ পাব নে নাপায় তাক নিশ্চিত কৰিব নোৱাৰি তেওঁ আৰু তেওঁৰ কন্যাজনী তাতেই ৰৈ আছিল যাতে তেওঁলোকে সাম্ভাব্য দূৰ্ঘটনাৰ পৰা ৰেলগাড়ী ৰক্ষা কৰিব পাৰে।

তেওঁলোকে যেতিয়া ধৰমনগৰ-আগৰতলা যাত্ৰীবাহী গাড়ীখন আহি থকা দেখা পায়, তেতিয়া চালকক সংকেত দিবলৈ এটুকুৰা কাপোৰ জোঁকাৰি থাকে। চালকে যথাসময়ত ৰেলগাড়ীখন ৰখাব পৰাৰ ফলত তাত থকা ১২০০গৰাকী যাত্ৰী ৰক্ষা পৰে।

এই ঘটনাৰ পাছত দেববৰ্মাক ‘বনদেৱতা’ উপদান দিয়া হৈছে। আইন মন্ত্ৰীগৰাকীয়ে কৈছে যে দেববৰ্মা আৰু তেওঁৰ কন্যাজনী হৈছে মানুহৰ সেৱাত স্বাৰ্থহীনভাৱে জীৱন উছৰ্গা কৰা সাহসী হৃদয়ৰ মানুহৰ উদাহৰণ।

উল্লেখ্য যে ত্ৰিপুৰাৰ কেবিনেটত দেববৰ্মালৈ চাকৰি এটা আগবঢ়োৱাৰ প্ৰস্তাৱটো ঐক্যমতত পাছ হৈছে। দেববৰ্মাৰ নামটো ৰাষ্ট্ৰপতিৰ পদকৰ বাবেও পৰামৰ্শ আগবঢ়োৱা হৈছে।