১৬ টকাত ত্ৰিৰংগা! হাজাৰ কোটি টকাৰ আঁচনিৰ চমক দিয়া মুখ্যমন্ত্ৰীয়ে বিনামূলীয়াকৈ দিব নোৱাৰে ত্ৰিৰংগা!

পুঁজিপতিৰ প্ৰেমত মোদী!আম্বানীক ধনী কৰিবলৈ "খাদী" এৰি কৰিলে "পলিষ্টাৰ" পতাকা!

৭৫ সংখ্যক স্বাধীনতা দিৱস তথা আজাদী কা অমৃত মহোত্সৱ উপলক্ষে ত্ৰিৰংগা ক্ৰয় কৰি ঘৰৰ আগফালে লগোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি একোখন পতাকাৰ দাম নিৰ্ধাৰণ কৰা হৈছে ১৬ টকাকৈ।

২০১১ ৰ লোকপিয়ল অনুসৰি অসমত আছে প্ৰায় ৬৭ লাখ পৰিয়াল। যদিহে একোটা পৰিয়ালৰ পৰা ১৬ টকাকৈ লাভ কৰে তেন্তে ৬৭ লাখ পৰিয়ালৰ পৰা লাভ কৰিব ১০,৭২,০০০০০ টকা।

দেশবাসীয়ে ঘৰে ঘৰে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে জাতীয় পতাকা উত্তোলন কৰি ৰাখিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা টুইটযোগে এই ‘হৰ ঘৰ ত্ৰিৰংগা’ আন্দোলনত সকলোকে ভাগ লবলৈ আহ্বান জনাইছে।

ইপিনে, ফ্লেগ ক’ড সলনি কৰাৰ ধৃষ্টতা আছে এইখন মোদী চৰকাৰৰ। ২০০২ চনৰ ফ্লেগ ক’ড (2002 Flag Code) সংশোধন কৰা হৈছে।

সেই ফ্লেগ ক’ডত জাতীয় পতাকাক কেৱল শিপিনীৰ হাতে বোৱা কাপোৰেৰে প্ৰস্তুত কৰাৰ কথা আছে।

এই কাপোৰসমূহ হৈছে খাদী, কপাহী, ঊল আৰু পাটকাপোৰ।

কিন্তু এতিয়াৰে পৰা পলিষ্টাৰ কাপোৰেৰেও জাতীয় পতাকা প্ৰস্তুত কৰিব পাৰিব বুলি সিদ্ধান্ত লৈছে মোদী চৰকাৰে।

ইয়াৰ আঁৰতো আছে এক ৰহস্য! ইয়াৰ আঁৰত আছে মোদী চৰকাৰৰ বেপাৰী মনোভাৱ!

আম্বানীক সন্তুষ্ট কৰাৰ বাবেই পলিষ্টাৰ কৰা হ’ল নেকি?

কিয়নো ভাৰতত প’লিষ্টাৰ কাপোৰৰ বজাৰখন আছে মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ড্ৰাষ্টিজৰ দখলত।

ভাৰতৰ উপৰিও সমগ্ৰ বিশ্ব জুৰি ৰিলায়েন্সে প’লিষ্টাৰৰ বজাৰত তীব্ৰ প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈ আছে। বছৰি ৰিলায়েন্সে ২.৫ মিলিয়ন টন প’লিষ্টাৰ প্ৰস্তুত কৰি আহিছে।

২০১১ ৰ পিয়ল মতে ভাৰতত আছে ২৪.৯৫ কোটি পৰিয়াল।

যদি এখন পতাকাৰ মূল্য ১৬ টকা হয় তেন্তে ৩৯৯,২০,০০০০০ টকা লাভ কৰিব আম্বানীয়ে!

পুঁজিপতিক সন্তুষ্ট কৰা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ এই মনোভাৱৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছৰ লগতে অসম জাতীয় পৰিষদ।

পতাকা উত্তোলনৰ নামত কোটি টকাৰ কেলেংকাৰী হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ উপ সভাপতি দুলু আহমেদে। ইয়াৰ লগতে আঁচনিৰ নামৰ হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি চমক দেখুওৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিনামূলীয়াকৈ পতাকা দিয়াৰ সামৰ্থ্য নাই নেকি বুলি প্ৰশ্ন কৰে দুলু আহমেদে।

ঠিক সেইদৰে ক্ষোভ উজাৰিছে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ মেডিয়া বিভাগৰ অধ্যক্ষ দিলীপ শৰ্মাইয়ো। চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়াকৈ পতাকা বিতৰণৰ বাবে দাবী জনায় দিলীপ শৰ্মাই।

মোদীৰ পুঁজিপতি প্ৰেমে নাইকিয়া কৰিব নেকি খাদী কাপোৰৰ মাদকতা? পূৰ্বে জাতীয় পতাকা প্ৰস্তুত কৰি গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ শিপিনীসকলে কিছু পৰিমাণে ধন ঘটাৰ সুযোগ লাভ কৰিছিল, কিন্তু এতিয়া আম্বানীৰ ৰিলায়েন্সৰ পলিষ্টাৰ কাপোৰৰে পতাকা প্ৰস্তুতৰ সিদ্ধান্ত লোৱাৰ ফলত এতিয়া দেশৰ মাতৃস্বৰূপা শিপিনীসকলৰ মুখৰ ভাতখিনিও কাঢ়িবলৈ পদক্ষেপ লোৱা যেন অনুভৱ হৈছে।