• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৬ টকাত ত্ৰিৰংগা! হাজাৰ কোটি টকাৰ আঁচনিৰ চমক দিয়া মুখ্যমন্ত্ৰীয়ে বিনামূলীয়াকৈ দিব নোৱাৰে ত্ৰিৰংগা!

পুঁজিপতিৰ প্ৰেমত মোদী!আম্বানীক ধনী কৰিবলৈ "খাদী" এৰি কৰিলে "পলিষ্টাৰ" পতাকা!

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
July 28, 2022 9:08 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৭৫ সংখ্যক স্বাধীনতা দিৱস তথা আজাদী কা অমৃত মহোত্সৱ উপলক্ষে ত্ৰিৰংগা ক্ৰয় কৰি ঘৰৰ আগফালে লগোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি একোখন পতাকাৰ দাম নিৰ্ধাৰণ কৰা হৈছে ১৬ টকাকৈ।

Apply Now

২০১১ ৰ লোকপিয়ল অনুসৰি অসমত আছে প্ৰায় ৬৭ লাখ পৰিয়াল। যদিহে একোটা পৰিয়ালৰ পৰা ১৬ টকাকৈ লাভ কৰে তেন্তে ৬৭ লাখ পৰিয়ালৰ পৰা লাভ কৰিব ১০,৭২,০০০০০ টকা।

দেশবাসীয়ে ঘৰে ঘৰে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে জাতীয় পতাকা উত্তোলন কৰি ৰাখিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা টুইটযোগে এই ‘হৰ ঘৰ ত্ৰিৰংগা’ আন্দোলনত সকলোকে ভাগ লবলৈ আহ্বান জনাইছে।

ইপিনে, ফ্লেগ ক’ড সলনি কৰাৰ ধৃষ্টতা আছে এইখন মোদী চৰকাৰৰ। ২০০২ চনৰ ফ্লেগ ক’ড (2002 Flag Code) সংশোধন কৰা হৈছে।

সেই ফ্লেগ ক’ডত জাতীয় পতাকাক কেৱল শিপিনীৰ হাতে বোৱা কাপোৰেৰে প্ৰস্তুত কৰাৰ কথা আছে।

এই কাপোৰসমূহ হৈছে খাদী, কপাহী, ঊল আৰু পাটকাপোৰ।

কিন্তু এতিয়াৰে পৰা পলিষ্টাৰ কাপোৰেৰেও জাতীয় পতাকা প্ৰস্তুত কৰিব পাৰিব বুলি সিদ্ধান্ত লৈছে মোদী চৰকাৰে।

ইয়াৰ আঁৰতো আছে এক ৰহস্য! ইয়াৰ আঁৰত আছে মোদী চৰকাৰৰ বেপাৰী মনোভাৱ!

আম্বানীক সন্তুষ্ট কৰাৰ বাবেই পলিষ্টাৰ কৰা হ’ল নেকি?

কিয়নো ভাৰতত প’লিষ্টাৰ কাপোৰৰ বজাৰখন আছে মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ড্ৰাষ্টিজৰ দখলত।

ভাৰতৰ উপৰিও সমগ্ৰ বিশ্ব জুৰি ৰিলায়েন্সে প’লিষ্টাৰৰ বজাৰত তীব্ৰ প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈ আছে। বছৰি ৰিলায়েন্সে ২.৫ মিলিয়ন টন প’লিষ্টাৰ প্ৰস্তুত কৰি আহিছে।

২০১১ ৰ পিয়ল মতে ভাৰতত আছে ২৪.৯৫ কোটি পৰিয়াল।

যদি এখন পতাকাৰ মূল্য ১৬ টকা হয় তেন্তে ৩৯৯,২০,০০০০০ টকা লাভ কৰিব আম্বানীয়ে!

পুঁজিপতিক সন্তুষ্ট কৰা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ এই মনোভাৱৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছৰ লগতে অসম জাতীয় পৰিষদ।

পতাকা উত্তোলনৰ নামত কোটি টকাৰ কেলেংকাৰী হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ উপ সভাপতি দুলু আহমেদে। ইয়াৰ লগতে আঁচনিৰ নামৰ হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি চমক দেখুওৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিনামূলীয়াকৈ পতাকা দিয়াৰ সামৰ্থ্য নাই নেকি বুলি প্ৰশ্ন কৰে দুলু আহমেদে।

ঠিক সেইদৰে ক্ষোভ উজাৰিছে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ মেডিয়া বিভাগৰ অধ্যক্ষ দিলীপ শৰ্মাইয়ো। চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়াকৈ পতাকা বিতৰণৰ বাবে দাবী জনায় দিলীপ শৰ্মাই।

মোদীৰ পুঁজিপতি প্ৰেমে নাইকিয়া কৰিব নেকি খাদী কাপোৰৰ মাদকতা? পূৰ্বে জাতীয় পতাকা প্ৰস্তুত কৰি গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ শিপিনীসকলে কিছু পৰিমাণে ধন ঘটাৰ সুযোগ লাভ কৰিছিল, কিন্তু এতিয়া আম্বানীৰ ৰিলায়েন্সৰ পলিষ্টাৰ কাপোৰৰে পতাকা প্ৰস্তুতৰ সিদ্ধান্ত লোৱাৰ ফলত এতিয়া দেশৰ মাতৃস্বৰূপা শিপিনীসকলৰ মুখৰ ভাতখিনিও কাঢ়িবলৈ পদক্ষেপ লোৱা যেন অনুভৱ হৈছে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am
এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

September 4, 2026 8:26 am
এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

September 4, 2026 7:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd