সীমান্তত যুদ্ধংদেহি দুই দেশ! সীমান্তৰ দুয়োপাৰে প্ৰস্তুত ভাৰত-চীন সেনা

arny-750x375

ফাইল ফটো। সৌজন্য: ইণ্ডিয়ান এক্সপ্ৰেছ

ভাৰত-চীন সীমান্তৰ লাডাখত পুনৰ উত্তেজনা বৃদ্ধিৰ খৱৰ পোৱা গৈছে। বাতৰি অনুসৰি, চাৰি হাজাৰ কিলোমিটাৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনে পুনৰ সেনা নিয়োগ কৰিছে।

ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰতেও অৰুণাচল প্ৰদেশ, ছিকিম, হিমাচল প্ৰদেশ তথা উত্তৰাখণ্ডত সেনাৰ উপস্থিতি বৃদ্ধি কৰিছে।

বাতৰি অনুসৰি, লাডাখতে নহয়, হিমাচল প্ৰদেশ, ছিকিম, উত্তৰাখণ্ড তথা অৰুণাচল প্ৰদেশৰ সীমান্তৰ সিপাৰে চীনে অধিক সেনা মোতায়েন কৰিছে।

তদুপৰি, চীনে সেনাৰ লগতে যুদ্ধ সামগ্ৰীও প্ৰস্তুত কৰি ৰাখিছে।

আনহাতে, মঙলবাৰৰ পৰা সেনা প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলেও প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমান্তৰাল অঞ্চলসমূহত ভাৰতেও সেনাৰ সমাৱেশ ঘটাইছে।

জানিব পৰা মতে, হিমাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ যিটো প্ৰান্তত কিছুদিন পূৰ্বে চীনৰ হেলিকপ্টাৰ দেখা গৈছিল তাতো সেনাৰ শক্তি বৃদ্ধি কৰা হৈছে।

বাতৰি মতে, সীমান্তৰ দুয়ো প্ৰান্তত দুয়োখন দেশৰ সেনাই তীক্ষ্ণ নজৰ ৰাখিছে।

ইপিনে শনিবাৰৰ পাছত বুধবাৰেও দুয়োখন দেশৰ সেনা বাহিনীৰ মাজত বৈঠক অনুষ্ঠিত হৈছিল।

সীমান্তৰ উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে ভাৰত-চীনৰ মাজত এখন যুদ্ধ সদৃশ পৰিস্থিতিক লৈ অৱশ্যে চৰকাৰীভাৱে এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।