অশান্ত ম্যানমাৰত নিহত প্ৰতিবাদকাৰীৰ শেষকৃত্য অনুষ্ঠানতো সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণ

a myanmar

শেষকৃত্য অনুষ্ঠানত ভাগ লোৱা লোকো এইবাৰ সাৰি নগ’ল ম্যানমাৰত।

শেহতীয়াকৈ সেনাৰ গুলীত নিহত ১১৪ গৰাকী প্ৰতিবাদকাৰীৰ শেষকৃত্য অনুষ্ঠানত আজি সেনাই ধাৰাসাৰ গুলীবৰ্ষণ কৰাৰ ফলত দুজন লোক নিহত হয় বুলি খবৰ আহিছে যদিও সেনাৰ সূত্ৰ অথবা দেশ খনৰ চৰকাৰী সংবাদ মাধ্যমে এই ঘটনাত হোৱা প্ৰকৃত হতাহতৰ সংখ্যা এতিয়ালৈ প্ৰকাশ কৰা নাই।

উল্লেখ্য মাত্ৰ এটা দিনটোতে ম্যানমাৰত সেনাই হত্যা কৰিছিল সামৰিক শাসনৰ বিৰোধিতা কৰা ১১৪ গৰাকীকৈ প্ৰতিবাদকাৰীক।

ম্যানমাৰৰ ইতিহাসৰ এই ক’লা দিনটোতে দক্ষিণ পূৱ এছিয়াৰ পাহাৰীয়া দেশখনৰ সামৰিক প্ৰশাসনে গণতন্ত্ৰকামী প্ৰায় ১১৪ গৰাকী নিৰস্ত্ৰ প্ৰতিবাদকাৰীক হত্যা কৰিছে।

জুণ্টাই দেশখনৰ জনতা আৰু গণতন্ত্ৰক সুৰক্ষা দিব বুলি ঘোষণা কৰাৰ পিছতেই ম্যানমাৰৰ সামৰিক শাসকৰ সেনাই দেশখনৰ বিভন্ন চহৰত এই হত্যা লীলা সংঘটিত কৰিছে।

উল্লেখ্য যে অলপতে ৩২০ গৰাকী নিৰপৰাধী প্ৰতিবাদকাৰীক হত্যা কৰাৰ পিছত দেশখনৰ সামৰিক জেনেৰেলসকলে সামৰিক দিৱস উদযাপন কৰিছিল আৰু ইয়াৰ পিছতেই ম্যানমাৰৰ বিভিন্ন চহৰ ১১৪ জনকৈ প্ৰতিবাদকাৰীক হত্যা কৰা বুলি প্ৰকাশ পাইছে সংবাদ মাধ্যমত। আজি য়াংগনত নিহত প্ৰতিবাদকাৰীৰ শেষকৃত্য অনুষ্ঠানতো সেনাই বৰ্বৰতাক বহুতে একেমুখে ধিক্কাৰ দিছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাসমূহৰ মতে য়াংগুণৰ দালা আৰক্ষী থানাৰ সন্মুখত নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত মুক্তভাৱে সেনাই গুলীচালনা কৰি অতি কমেও চাৰিজন প্ৰতিবাদকাৰীক হত্যা কৰিছে।

ইফালে সামাজিক মাধ্যমত এক ভিডিঅ’ ভাইৰেল হৈছে য’ত চহৰৰ জনশূন্য পথেদি মটৰচাইকেলেৰে গৈ থকা দুগৰাকী পথচাৰীক সেনাবাহিনীৰ এখন বাহনৰ পৰা সেনাই গুলীচালনা কৰিছে আৰু তৎক্ষণাতে গুলীবিদ্ধ দুয়োগৰাকী লোকক মাটিত ঢলি পৰিছে।

ম্যানমাৰৰ সেনাৰ এনে নৃশংসতাক কঠোৰ ভাষাৰে গৰিহণা দি বিশ্বৰ ১২ খন দেশৰ প্ৰতিৰক্ষামন্ত্ৰীয়ে কালি এক যৌথ বিবৃতি প্ৰকাশ কৰিছে।

এই বিবৃতিত স্বাক্ষৰ কৰিছে আমেৰিকা, জাপান, ব্ৰিটেইন, অষ্ট্ৰেলিয়াকে ধৰি বিশ্বৰ ১২ খন দেশৰ প্ৰতিৰক্ষামন্ত্ৰীয়ে।