ওদালগুৰিৰ কলাইগাঁৱত নিশা চুপাৰীভৰ্তি ট্ৰাক জব্দ

Truck full of supari seized at Kalaigaon in Odalguri at night

ওদালগুৰি জিলাৰ কলাই গাঁও আৰক্ষীয়ে সোমবাৰে নিশা চুপাৰী ভৰ্তি এখন ট্ৰাক জব্দ কৰে।

ট্ৰাক খনত প্ৰায় ২০০ বেগতকৈ অধিক চুপাৰী আছে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে সংবাদ মাধ্যমত জনোৱা মতে টংলাৰ পৰা গুৱাহাটীলৈ গৈ থকা চুপাৰী ভৰ্তি ট্ৰাক খন সন্দেহ বশত: সোধ-পোচ কৰাত কোনো ধৰণৰ নঠি-পত্ৰ নোপোৱাৰ লগতে গাড়ীখনৰো যাৱতীয় প্ৰমাণ পত্ৰ পোৱা নাই।

ইতিমধ্যে আৰক্ষীয়ে ট্ৰাক খন জব্দ কৰি এটা গোচৰ ৰুজু কৰিছে। জব্দ কৰা ট্ৰাক খনৰ নম্বৰ হৈছে As-13C 4342।

প্ৰকৃততে চুপাৰীখিনি দেশীয় নে বাৰ্মিছ এই বিষয়ত এতিয়ালৈ নিশ্চিত হব পৰা নাই আৰক্ষী।