• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকিস্তানী আৰু আফগানৰ বাবে চিৰদিনলৈ বন্ধ হৈ পৰিব আমেৰিকাৰ দুৱাৰ? ট্ৰাম্পৰ বৃহৎ পদক্ষেপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2025 3:17 pm
208
VIEWS
Share on FacebookShare on Twitter

অহা সপ্তাহৰ পৰা আৰু আমেৰিকালৈ যাব নোৱাৰিব পাকিস্তানী আৰু আফগানসকলে? ড’নাল্ড ট্ৰাম্পে এই দুখন দেশৰ নাগৰিকক আমেৰিকালৈ যোৱাত স্থায়ীভাৱে নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। কিন্তু আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতিয়ে কিয় এনে সিদ্ধান্ত ল’লে?

ৰয়টাৰৰ সূত্ৰ অনুসৰি ড’নাল্ড ট্ৰাম্পে হোৱাইট হাউছত ভৰি দিয়াৰ কিছু সময়ৰ পিছতে এক নিৰ্দেশনা জাৰি কৰে। য’ত উল্লেখ কৰা হৈছে, ইয়াত আমেৰিকাৰ নিৰাপত্তাৰ স্বাৰ্থত এখন তালিকা প্ৰস্তাৱ কৰা হৈছে। কোন দেশৰ নাগৰিকে আমেৰিকাৰ বাবে বিপদৰ সৃষ্টি কৰিছে সেইটো নিৰ্ণয় কৰিবলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে বাছনি প্ৰক্ৰিয়াৰ নিৰ্দেশ দিছে। তেওঁ ১২ মাৰ্চৰ ভিতৰত এই বাছনিৰ কাম সম্পূৰ্ণ কৰিবলৈ কৈছে। যিবোৰ দেশৰ নাগৰিকক আমেৰিকা ভ্ৰমণৰ বাবে আংশিক আৰু সম্পূৰ্ণ বৈধতা প্ৰদান কৰা হ’ব, সেইবোৰ দেশৰ তালিকাও প্ৰস্তুত কৰা হৈছে। জানিব পৰা মতে, পাকিস্তান আৰু আফগানিস্তান এই তালিকাত অন্তৰ্ভুক্ত নহয়।

উল্লেখ্য যে দুদিন পূৰ্বে ড’নাল্ড ট্ৰাম্পে পাকিস্তানক অতিশয় প্ৰশংসা কৰিছিল। ২০২১ চনত কাবুল বিমানবন্দৰৰ বাহিৰত সংঘটিত বোমা বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড মহম্মদ শ্বৰীফুল্লাক গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে। সেই কাণ্ডত ১৩ জন আমেৰিকান সৈনিককে ধৰি ১৭০ জন আফগান লোক নিহত হৈছিল। এই গ্ৰেপ্তাৰৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফকো প্ৰশংসা কৰে। ইয়াৰ পিছত আন্তঃৰাষ্ট্ৰীয় বিশ্লেষকসকলে হঠাতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱৰ সৈতে নতুনকৈ হিচাপ-নিকাচ আৰম্ভ কৰিছে।

একাংশ বিশেষজ্ঞৰ দাবী যে আনকি আমেৰিকাইও এতিয়া সৰ্বসন্মতিক্ৰমে স্বীকাৰ কৰিছে যে পাকিস্তান বিশ্ব সন্ত্ৰাসবাদৰ জনক হৈ পৰিছে। পাকিস্তানৰ মাটিত ইটোৰ পিছত সিটো সন্ত্ৰাসবাদী সংগঠন ঠন ধৰি উঠিছে। সন্ত্ৰাসবাদক ইন্ধন যোগাই আহিছে আই এছ আইয়ে। এই কথাও কাৰো অজ্ঞাত নহয়। অৱশ্যে পাকিস্তানে বিশ্বত নিজৰ ভাবমূর্তি বজাই ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে৷ ট্ৰাম্পে পাকিস্তানৰ এই প্ৰচেষ্টাত মান্যতা দিবলৈ অনিচ্ছুক বুলি ধাৰণা কৰা হৈছে। ফলত তেওঁ দেশৰ নিৰাপত্তাৰ স্বাৰ্থত পাকিস্তানীৰ বাবে আমেৰিকাৰ দুৱাৰ স্থায়ীভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

যদিও এইটো প্ৰথমবাৰৰ বাবে নহয়, তথাপিও ২০১৭ চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ পিছত ট্ৰাম্পে সাতখন মুছলমান দেশৰ নাগৰিকক আমেৰিকা ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিছিল। পিছত বাইডেন ক্ষমতালৈ অহাৰ লগে লগে তেওঁ এই নিষেধাজ্ঞা উঠাই লয়।

Recent News

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd