দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন যোৱা নিশা আলাস্কাত ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়। প্ৰায় তিনি ঘণ্টাজোৰা চলা এই বৈঠকত দুয়োগৰাকী ৰাষ্ট্ৰনেতাই ইউক্ৰেইনৰ যুদ্ধ পৰিস্থিতি আৰু সম্ভাৱ্য সমাধানৰ সূত্ৰৰ বিষয়ে আলোচনা কৰে।
প্ৰকাশিত তথ্য অনুসৰি, বৈঠকত যুদ্ধবিৰতি সন্দৰ্ভত কোনো চুক্তি নোহোৱাত বিশ্ব ৰাজনৈতিক মহল আশাহত হয়। যদিও কোনো সিদ্ধান্তলৈ উপনীত হ’ব পৰা নগ’ল, তথাপিও ভৱিষ্যতে পুনৰ আলোচনা দুৱাৰ খোলা ৰাখিছে দুই দেশে। বৈঠকৰ অন্তত পুটিনে ট্ৰাম্পক মস্কোলৈ ভ্ৰমণৰ আমন্ত্ৰণ জনায়।
ইফালে বৈঠকত পুটিনে ইউক্ৰেইনৰ বৰ্তমান পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰপতি জেলেনস্কিক দায়ী বুলি মন্তব্য কৰে। অৱশ্যে ট্ৰাম্পেও ইয়াত সহমত জনাই, যদিও তেওঁ স্বীকাৰ কৰে যে বহু গুৰুত্বপূৰ্ণ বিষয়ত দুয়োৰে মাজত ঐক্যমত নহ’ল। দুয়োগৰাকীয়ে সংবাদমেলত বৈঠকক “উপযোগী আৰু গুৰুত্বপূৰ্ণ” বুলি মতপ্ৰকাশ কৰে।
আনহাতে ভাৰতৰ বাবে এই বৈঠক গুৰুত্বপূৰ্ণ বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে। বৈঠকৰ পূৰ্বেই ট্ৰাম্পে স্পষ্টকৈ কৈছিল যে ৰাছিয়াৰ ওপৰত চাপ সৃষ্টিৰ উদ্দেশ্যে তেওঁ ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ নীতি গ্ৰহণ কৰিছে। ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি ট্ৰাম্পে উল্লেখ কৰে।
প্ৰাক্তন ৰাষ্ট্ৰদূত জে কে ত্ৰিপাঠীৰ মতে, যুদ্ধবিৰতি সন্দৰ্ভত কোনো সমাধান নোলোৱাত ট্ৰাম্পে ভাৰতৰ বিৰুদ্ধে কি স্থিতি লয়, সেয়া লক্ষণীয় হ’ব। বৈদেশিক নীতি বিশেষজ্ঞ ৰবীন্দ্ৰ সচদেৱে কয়, “এই বৈঠকৰ পাছত আমেৰিকাই ভাৰতৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে তাক সাৱধানে লক্ষ্য কৰা প্ৰয়োজন।”
তথাপিও বিশেষজ্ঞসকলে মত দিছে যে, পুটিনে বৈঠকত ট্ৰাম্পক শান্ত কৰিবলৈ সক্ষম হোৱা দৃষ্টান্তই আমেৰিকাৰ পৰা শুল্ক আৰোপৰ সম্ভাৱনা অস্থায়ীভাৱে শিথিল হ’ব পাৰে। অৰ্থাৎ মস্কোৰ পৰৱৰ্তী বৈঠকলৈকে ভাৰতৰ ওপৰত ট্ৰাম্পৰ শুল্ক নীতি কাৰ্যকৰী নহ’বও পাৰে।