বিটিচি নিৰ্বাচনত ৫০কোটি টকা খৰচ কৰিছিল তুলিৰাম ৰংহাঙে; ক’লে হাগ্ৰামা মহিলাৰীয়ে

Hagrama-Mohilary-640x375

হাগ্ৰামা মহিলাৰী। ফাইল ফটো।

কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অলপতে অনুষ্ঠিত হৈ যোৱা বিটিচি নিৰ্বাচনত ৫০ কোটি টকা খৰলচ কৰিছিল। বোকাজানত এইদৰে কয় বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে।

‘’মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিটিচি নিৰ্বাচনত মিটিঙত খৰচৰ বাবে হিমন্ত বিশ্ব শৰ্মাক ৫০কোটি টকা দিছিল। এই ধন কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ পুঁজিৰ পৰা দিছিল,’’- শনিবাৰে বোকাজানত কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিৰ হৈ প্ৰচাৰৰ সময়ত হাগ্ৰামা মহিলাৰীয়ে এইদৰে কয়।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত হাগ্ৰামাৰ সৈতে আছিল নগাঁওৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য।

নিৰ্বাচনী সভাখনত উপস্থিত থকা দলীয় কৰ্মী আৰু সমৰ্থকসকলৰ মাজত বহু বড়ো ভোটাৰো উপস্থিত আছিল।

নিজৰ ভাষণত হাগ্ৰামা মহিলাৰীয়ে কংগ্ৰেছ প্ৰাৰ্থীক ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়।

তেওঁ পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাচাওত অনুচ্ছেদ ২৪৪(এ) ৰূপায়ন সম্পৰ্কেও কয়।

মহিলাৰীয়ে লগতে বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োকো সমালোচনা কৰি কয় যে তেওঁ দিল্লীত বড়ো জাতিক বিজেপিৰ হাতত বিক্ৰী কৰিলে।

‘’বিটিচি অঞ্চলৰ বাহিৰত বসবাস কৰা বড়োলোকসকলে প্ৰমোদ বড়োক চিনি নাপায় আৰু তেওঁলোকৰ মাজত তেওঁৰ কোনো প্ৰভাৱ নাই। এইসকল লোকে অহা ১ এপ্ৰিলত হ’বলগীয়া নিৰ্বাচনত কংগ্ৰেছৰ সপক্ষে ভোট দিব,’’-মহিলাৰীয়ে লগতে কয়।