আজি এখন নাটকৰ বিষয়ে একলম লিখিবলৈ লৈছো। গত ২১ অক্টোবৰ,২০২৪ তাৰিখে পাঞ্জাবাৰীৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যোৱা এক বিশেষ অনুষ্ঠানত এই নাটখন প্ৰদৰ্শিত হয়। প্ৰদৰ্শিত তথা পৰিবেশিত দুয়োটা শব্দৰে ব্যৱহাৰ কৰিব লাগিব কাৰণ,নাটখন মূলতঃ পৰিবেশন কৰা হৈছিল দৃষ্টিহীন শ্ৰোতাসকলৰ বাবে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতেই এইয়াই প্ৰথম এনেধৰণৰ উপস্থাপন আছিল। ইনলি ফাউণ্ডেচন আৰু আকাশাবাণী গুৱাহাটীৰ সহযোগত প্ৰদৰ্শিত তথা পৰিবেশিত হোৱা নাটখনখনৰ ৰচনা আৰু পৰিচালনা ঋতুপৰ্ণ দাসৰ। নাটখনৰ প্ৰযোজনা আৰু সাজ-সজ্জা শীৰ্ষা ফুকনৰ।
স্তুতি বৰকটকী এগৰাকী লেখিকা। অকলে বাস কৰে। ম’বাইল ফোনৰ ব্যৱহাৰ বেয়া পাই বাবে লেণ্ডফোন ব্যৱহাৰ কৰে। স্ব-নিৰ্বাচিত নিঃসংগ জীৱন যাত্ৰাত অন্ততঃ এগৰাকী নাৰীৰ বাবে কিছুমান কথাত সীমাবদ্ধতা অনাতো যেন খুবেই জৰুৰী হৈ পৰে!স্তুতি বৰকটকীও ব্যতিক্ৰম নহয়। নিজকে কাৰো লগত সহজে মানসিক-আৱেগিকভাৱে সংপৃক্ত নোহোৱাকৈ আৱদ্ধ কৰি ৰাখে এক খোলাৰ মাজত। এখন উপন্যাস লিখাৰ তাগিদা আহে আলোচনী এখনৰ পৰা। তাতেই আৰম্ভণি ঘটে পূৰ্ব অভিজ্ঞতা কথনৰ তথা নাটখনৰ কাহিনীৰ গতিশীলতাৰ। এদিন সন্ধিয়া এটি ফোন আহিছিলে স্তুতি বৰকটকীলৈ। তেওঁৰ এজন পাঠক অনিৰ্বাণ চাংকাকতিৰ ফোন আছিলে সেইটো। লিখা সম্পৰ্কে দুই-চাৰিটা কথাৰ প্ৰাসংগিকতাৰ পিছত ফোন ৰাখিছিলে চাংকাকতিয়ে। স্তুতি কিছু বিৰক্ত হৈছিল। পুৰুষৰ ফোন,পিছলৈ আৰু কি বা আমুৰি কৰে!তাৰপিছত স্তুতিৰ বিৰক্তিৰ পিছতো,অনিৰ্বাণৰ ফোন আহিছিলে। আৰু কি হৈছিলে,এই টেলিফোনিক বাৰ্তালাপৰ পৰিণতি,তাকেই কেন্দ্ৰ কৰি নাটখন আগবাঢ়ে। নাটখনৰ দুটিয়েই চৰিত্ৰ স্তুতি আৰু অনিৰ্বাণৰ। মঞ্চৰ এফালে স্তুতিৰ ঘৰৰ ছেট আৰু আনফালে ধূঃসৰ পোহৰৰ মাজত অনিৰ্বাণ। কথোপকথনৰ সমান্তৰালকৈ অনিৰ্বাণৰ ওপৰত পোহৰ খুব মৃদু-মধুৰ গতিত বাঢ়িবলৈ ধৰে। এবাৰ ব্যৱহাৰ কৰা এটি হাতলেম্পৰ ব্যৱহাৰ খুবেই ভাল লগা আছিল। অনিৰ্বাণৰ কন্ঠৰ গীতকেইটিত প্ৰতিবাৰতেই শ্ৰোতা,দৰ্শকৰ হাতচাপৰি পাবলৈ সক্ষম হৈছিল। বহু সময়ত নাটখনক এক গীতি-মালিতাৰ দৰে অনুভৱ হৈছিল। সুন্দৰ সুন্দৰ গীতৰ ব্যৱহাৰ কৰাতো সম্পূৰ্ণৰূপে সময় আৰু পৰিস্থিতি সাপেক্ষ আছিল। তোমাৰ নিবিড় মায়াৰেৰ সংলাপো কোনোগুণে কম নাছিল। সংলাপেও দৰ্শকক আমোদৰ লগতেই একাত্মতা দিবলৈ সক্ষম হৈছিল। কোনো কোনো দৰ্শকে চাই থাকোতে চকুলোও টুকিছিলে। মুঠতে একেমুখেই ক’ব পাৰি যে ৰচক,পৰিচালক ঋতুপৰ্ণ দাস সম্পূৰ্ণ সফল নাটখন মঞ্চস্থ কৰাত। আৰু অকল দৰ্শকেই নহয়,উপস্থিত থকা শ্ৰোতাকো সমানে পৰশি যাব পৰাতো এক বৃহৎ সফলতাই। নাটখনত পোহৰৰ কামৰে উজ্বলোৱা শিল্পী হৈছে তপন বৰুৱা। আনহাতে সংগীত ব্যৱস্থাপনাৰে নাটখনক সজাইছে অভিজিত বৰ্মন,ধনজিৎ বড়ো আৰু মনদীপ মহন্তই।
এতিয়া আহো নাটখনৰ মুখ্য ভূমিকাত অভিনয় কৰা অপৰ্ণা দত্ত চৌধুৰী আৰু সত্যজিত গগৈৰ অভিনয়ৰ দিশলৈ। দুয়োজনৰে ইমানেই নিখুঁত অভিনয় আছিল যে দৰ্শক একাত্ম নোহোৱাকৈ থাকিব নোৱাৰিছিল। কোনো কোনোৱে হয়তো নিজকে কোনোটো চৰিত্ৰৰ মাজত বিচাৰিও পাইছিল। এতিয়ালৈকে অসমৰ ভিন্ন স্থানৰ লগতে নতুন দিল্লীতো প্ৰদৰ্শিত হোৱা এই নাটখন মুঠ ১৭ বাৰকৈ মঞ্চস্থ কৰা হৈছে। ১৮তম দৰ্শনীৰ আপুনিও বিনাদ্বিধাই এজন পৰিতৃপ্ত দৰ্শক হ’ব পাৰে তোমাৰ নিবিড় মায়াৰেৰ।
ৰিমলী বৰকটকী।
[email protected]