NORTHEAST NOW (Assamese)

তুৰস্কৰ কয়লা খনিত বিস্ফোৰণৰ পিছতে ভয়ংকৰ ভূমিস্খলন, ২৮ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ

October 15, 2022 1:23 pm · এন ই নাও নিউজ,গুৱাহাটী

এক শোকাৱহ ঘটনাই জোকাৰি গৈছে তুৰস্কক। যোৱা নিশা দেশ খনৰ বাৰটিন প্ৰদেশত ঘটা কয়লা খনি দুৰ্ঘটনাত এতিয়ালৈকে ২৮ জন শ্ৰমিক নিহত হৈছে।

আহতসকলৰ অৱস্থা সংকটজনক হোৱালৈ চাই নিহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।বিস্ফোৰণৰ পিছতে খনিটোৰ ভিতৰত মূধচৰ মাটি খহি পৰে।

ফলত খনিটোৰ সকলোবোৰ পথ বন্ধ হৈ পৰে। জানিব পৰা মতে খনিটোত ১১০ জন শ্ৰমিকে কাম কৰি আছিল। তুৰস্কৰ স্বাস্থ্য মন্ত্ৰী ফাহৰেটিন কোকাই প্ৰকাশ কৰা মতে এতিয়ালৈকে খনিটোৰ পৰা ১৬ জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছে।

তুৰস্কৰ অভ্যন্তৰীণ মন্ত্ৰী সুলেইমান চুলুৱে কয় যে খনিখনৰ ৩০০ ৰ পৰা ৩৫০ মিটাৰ গভীৰ অংশটো আটাইতকৈ বেছি অসুৰক্ষিত আছিল। তাত প্ৰায় ৪৯ জন শ্ৰমিকে কাম কৰি আছিল।

সন্দেহ কৰা অনুসৰি খনিটোত থকা মিথেন গেছৰ বিস্ফোৰণ ঘটাৰ বাবেই এনে অথন্তৰ হয়। তুৰস্কৰ চৰকাৰে ঘটনাটোৰ এক তদন্তৰ নিৰ্দেশ দিছে।

Related News