ছিৰিয়াত আইছিছৰ মুৰব্বী আবু হুছেইন আল কুৰেছীক হত্যা কৰাৰ দাবী তুৰস্কৰ

তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইয়েপ এৰদোগান। ফটো: সংগ্ৰহীত।

ইছলামিক ষ্টেট (আই এছ)ৰ মূল নেতা আবু হুছেইন আল কুৰেছীক তুৰ্কীৰ চোৰাংচোৱা বাহিনীয়ে হত্যা কৰিছে। তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইয়েপ এৰদোগানে এই তথ্য সদৰী কৰে।

স্থানীয় সংবাদ মাধ্যম টি আৰ টি ৱৰ্ল্ডৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাষ্ট্ৰপতি এৰদোগানে কয় যে তুৰ্কীৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা বাহিনীয়ে দেওবাৰে ছিৰিয়াত চলোৱা অভিযানত আই এছৰ নেতা কুৰেছিক হত্যা কৰে।

এৰদোগানে লগতে কয় যে তুৰ্কীৰ চোৰাংচোৱা বাহিনীয়ে দীৰ্ঘদিন ধৰি কুৰেছীক অনুসৰণ কৰি আহিছিল।

ছিৰিয়াৰ স্থানীয় বাসিন্দা আৰু দেশখনৰ নিৰাপত্তা সূত্ৰই জনোৱা মতে, উত্তৰ ছিৰিয়াৰ জাণ্ডাৰিছত তুৰ্কী বাহিনীয়ে অভিযান চলাইছিল। এই অঞ্চলটো তুৰ্কী সমৰ্থিত বিদ্ৰোহীৰ নিয়ন্ত্ৰণত আছে। কিন্তু ছিৰিয়াৰ সেনাৰো এই অঞ্চলত উপস্থিতি আছে। তুৰ্কী অভিযান সন্দৰ্ভত এতিয়ালৈকে তেওঁলোকে কোনো মন্তব্য কৰা নাই।

স্থানীয় এজন বাসিন্দাই জনোৱা মতে, শনিবাৰে মাজনিশাৰ পৰা দেওবাৰৰ ভিতৰত কোনোবা এটা সময়ত এই সংঘৰ্ষ আৰম্ভ হয়। এঘণ্টাজুৰি চলি থাকে সংঘৰ্ষ। স্থানীয় ৰাইজে বৃহৎ বিস্ফোৰণৰ শব্দ শুনিবলৈ পায়। নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰি ধৰে।

স্থানীয় বাসিন্দাসকলে এই অভিযানত পৰিত্যক্ত ফাৰ্ম এখনক লক্ষ্য কৰি লোৱা বুলি জানিবলৈ দিয়ে। পূৰ্বে এই ফাৰ্মখন ইছলামিক ষ্টেটৰ বিদ্যালয় হিচাপে ব্যৱহাৰ কৰা হৈছিল।

যোৱা বছৰ দক্ষিণ ছিৰিয়াত পূৰ্বৰ আই এছ নেতাজনক হত্যা কৰাৰ পিছত নৱেম্বৰ মাহত উগ্ৰপন্থী সংগঠনটোৱে আল কুৰেছিক নিজৰ নেতা হিচাপে নিযুক্তি দিছিল।