পুনৰ তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰদোগান! ভাৰতৰ বাবে সলনি হ’বনে সুৰ? কি স্থিতি ভাৰতৰ?

পুনৰ তুৰ্কীৰ ৰাষ্ট্ৰপতি পদত এৰদোগান। ফটো: সংগ্ৰহীত।

তুৰস্কত পুনৰ জয়লাভ কৰিছে ৰাষ্ট্ৰপতি ৰেচেপ টাইয়েব এৰদোগানে। অহা ৫ বছৰলৈ তেওঁৱেই তুৰস্কৰ ৰাষ্ট্ৰপতি হ’ব। নিৰ্বাচনত এৰদোগানে ৫২.১ শতাংশ ভোট লাভ কৰি তেওঁৰ প্ৰতিদ্বন্দ্বীক নিৰ্বাচনত হৰুৱাইছে। এৰদোগানৰ বিজয়ৰ পাছত নিশ্চিতভাৱে সকলোৰে মনত এটা প্ৰশ্ন উত্থাপন হৈছে যে এৰদোগানৰ বিজয়ৰ পিছত ভাৰতৰ সৈতে তুৰস্কৰ সম্পৰ্ক কেনেকুৱা হ’ব?

ইয়াৰ পূৰ্বেও আন্তঃৰাষ্ট্ৰীয় মঞ্চত বহুবাৰ দেখা গৈছে যে তুৰস্কই পাকিস্তানৰ পক্ষ লৈ কাশ্মীৰ সমস্যা সমাধানৰ ওপৰত জোৰ দিছে। যোৱা কেইবছৰমানৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত কাশ্মীৰ বিষয়ক লৈ তুৰ্কীয়ে মাত মাতি আহিছে। এতিয়া প্ৰশ্ন হ’ল আগন্তুক ৫ বছৰত ভাৰত আৰু তুৰস্কৰ সম্পৰ্ক উন্নত হোৱাৰ সম্ভাৱনা আছেনে?

লগতে পঢ়ক: মণিপুৰত অন্ত পৰা নাই হিংসাত্মক ঘটনাৰ; নতুন হিংসাত ৫ জন লোকৰ মৃত্যু, ১২ জন আহত

চলিত বৰ্ষৰ ৬ ফেব্ৰুৱাৰীত তুৰস্কত ভয়ংকৰ ভূমিকম্পৰ ফলত দেশখনৰ অৰ্থনীতি ভাঙি পৰে। প্ৰকৃতিৰ ধ্বংসলীলাত সমগ্ৰ তুৰ্কী প্ৰায় বিধ্বস্ত হৈ পৰে। এনে পৰিস্থিতিত ভাৰতে ইয়াৰ পৰা ১৫১ জন জোৱান আৰু তিনিটা ডগ স্কোয়াড সহ এন ডি আৰ এফৰ দল পঠিয়াইছিল। বৃহৎ পৰিমাণৰ উদ্ধাৰ আৰু সাহায্য সামগ্ৰীও প্ৰেৰণ কৰা হৈছিল। ভাৰতৰ পৰা তুৰস্কলৈ ঔষধৰ বৃহৎ চালান প্ৰেৰণ কৰা হয়। ভাৰতে এই অভিযানৰ নাম ৰাখিছিল ‘অপাৰেচন দোস্ত’।

তুৰস্কত যেতিয়া প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হৈছিল তেতিয়া ভাৰতে সকলো অভিযোগ একাষৰীয়া কৰি মানৱতাক প্ৰথম স্থান দি সহায়ৰ হাত আগবঢ়াইছিল। ভাৰতৰ এই পদক্ষেপক তুৰস্কৰ জনসাধাৰণে অতিশয় শলাগ লৈছিল আৰু এন ডি আৰ এফৰ দলটোক প্ৰশংসাৰে উপচাই তুৰস্কৰ পৰা পঠিয়াই দিয়া হৈছিল।

লগতে পঢ়ক: আজি পুনৰ ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল

ইপিনে, শেহতীয়াকৈ ভাৰতৰ জম্মু-কাশ্মীৰত অনুষ্ঠিত হোৱা জি-২০ বৈঠকত ৪খন দেশে অংশগ্ৰহণ কৰা নাছিল। এই চাৰিখন দেশৰ ভিতৰত তুৰস্কও আছিল। আচলতে তুৰস্ক ইছলামিক কৰ্প’ৰেশ্যন বা অ’আইচিৰ অংশ। পাকিস্তানো এই সংগঠনৰ সদস্য আৰু সময়ে সময়ে অ’আইচিৰ আগত কাশ্মীৰৰ বিষয়টো উত্থাপন কৰি আহিছে। ইয়াৰ বাবেই অ’আইচিৰ বহু সদস্যই কাশ্মীৰ বিষয়ত পাকিস্তানক সমৰ্থন কৰে। পাকিস্তানৰ প্ৰতি তুৰ্কীৰ প্ৰীতি ইয়াৰ মনোভাৱত দেখা যায়। ইয়াৰ বাবেই তুৰ্কীয়ে জি-২০ৰ বৈঠকৰ পৰা বিৰত থাকে। অৱশ্যে এই সন্দৰ্ভত এই দেশে কোনো স্পষ্ট প্ৰতিক্ৰিয়া দিয়া নাই।

আনহাতে, ২০১৯ চনৰ আগষ্ট মাহত কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন মোডী চৰকাৰে ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ বাবেই এই ৰাজ্যৰ বিশেষ মৰ্যাদা বিলুপ্ত কৰা হ’ল। তেতিয়াৰ পৰাই তুৰ্কীয়ে বাৰে বাৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চত কাশ্মীৰৰ বিষয়টো উত্থাপন কৰি আহিছে। ২০১৯ চনৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত এৰদোগানে এই বিষয়টো উত্থাপন কৰিছিল।

লগতে পঢ়ক: মৰ্মান্তিক! জালুকবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭জন ছাত্ৰ নিহত

২০১৯ চনত তেওঁ ইয়াক অৱৰোধ বুলি অভিহিত কৰি ২০২০ চনত কয় যে ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত কাশ্মীৰৰ পৰিস্থিতি শোচনীয় হৈ পৰিছে। ২০২১ চনত তেওঁ স্থায়ী শান্তিৰ বাবে আবেদন জনাইছিল। কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠক আৰু ভাৰতৰ প্ৰচেষ্টাত এৰদোগানৰ সুৰ সলনি হয় আৰু এই বিষয়টোক দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বিষয় বুলি অভিহিত কৰে।

এতিয়া আগন্তুক ৫ বছৰত ভাৰতৰ সৈতে এৰদোগানৰ সম্পৰ্ক কেনেকুৱা হয় সেয়া লক্ষ্যণীয় হ’ব।