NORTHEAST NOW (Assamese)

হালধিয়ে নিয়ন্ত্ৰণ কৰে ডাইবেটিছ; জানক কেনেদৰে

March 10, 2020 10:35 am · এন ই নাও নিউজ

হালধি ভাৰতীয় মানুহৰ দৈনন্দিন খাদ্য হোৱাৰ লগতে আয়ুৰ্বেদৰো ই এক এৰাব নোৱাৰা সামগ্ৰী। গাখীৰৰ লগতে হওক বা এনেই হওক হালধি খালে বহু ৰোগৰ পৰা হাত সাৰি থকিব পাৰি।

ডাইবেটিছ বৰ্তমান সময়ত বেছি সংখ্যক মানুহৰ বাবেই চিন্তাৰ বিষয়। বৰ্তমান সময়ত অধিক সংখ্যক লোকে কম বেছি পৰিমাণে ডাইবেটিছ ৰোগত আক্ৰান্ত হোৱো দেখা যায়।

কিন্তু যদি আপুনি নিয়মীয়াভাৱে হালধি খাই তেন্তে ডাইবেটিছৰ সমস্যাৰ পৰা বহু পৰিমানে মুক্তি লাভ কৰিব পাৰিব। হালধিত পোৱা যায় এণ্টিঅক্সিডেণ্ট গুণ।

ইয়াৰ উপৰি প্ৰজ্বলন প্ৰতিৰোধী গুণ থকা বাবেও হালধিয়ে মানুহৰ শৰীৰত ইনছুলিন নিঃসৰণত সহায় কৰে আৰু ইয়ে কিছুপৰিমাণে ডাইবেটিছ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

ডাইবেটিছ ৰোগীসকলে নিশা শুৱাৰ আগে আগে হালধিৰ ৰস খাব লাগে। ই স্বাস্থ্যৰ কাৰণে অত্যন্ত উপযোগী।

Related News