শোকাৱহ! একেলগেই মৃত্যুৰ কোলাত শুই পৰিল দুই যমজ ভাতৃ

Twins dead in Rajasthan

দুজন যমজ ভাতৃ। ৯০০ কিলোমিটাৰ দূৰত্বত বাস কৰিছিল দুয়ো ভাতৃয়ে। আশ্চৰ্যজনকভাৱে শেহতীয়াকৈ এগৰাকী ভাতৃৰ মৃত্যুৰ পিছতেই প্ৰায় অনুৰূপ ধৰণেৰে মৃত্যু ঘটিছে আনগৰাকী ভাতৃৰো। নিহত দুই ভাতৃৰ নাম সুমেৰ সিং আৰু সোহন সিং। দুয়োৰে বয়স আছিল মাত্ৰ ২৬ বছৰ।

প্ৰকাশিত খবৰ অনুসৰি সুমেৰ আৰু সোহনৰ ঘৰ ৰাজস্থানৰ ‘সৰ্ণো কা তলা’ নামৰ এখন দুৰ্গম গাঁৱত। কিন্তু আগতে পেছাদাৰী কাৰণত ইজনে সিজনৰ পৰা আঁতৰি আছিল। সুমেৰে গুজৰাটৰ চুৰাটৰ এটা কাপোৰৰ কাৰখানাত কাম কৰিছিল।

আনহাতে সোহনৰ ঘৰ জয়পুৰত। শিক্ষক নিযুক্তি পৰীক্ষাৰ বাবে তেওঁ প্ৰস্তুতি চলাই আছিল। অৰ্থাৎ ইজনে সিজনৰ পৰা প্ৰায় ৯০০ কিলোমিটাৰ দূৰত্বত বাস কৰিছিল।

খবৰ অনুসৰি বুধবাৰে নিশা ফোনত কথা পাতি থকা অৱস্থাত চুৰাটত ভাড়াঘৰটোৰ চালৰ পৰা পৰি সুমেৰৰ মৃত্যু হয়। ফোনত ভায়েকৰ মৃত্যুৰ খবৰ পাই সোহনে ঘৰলৈ লৰালৰিকৈ আহিছিল।

বৃহস্পতিবাৰে পুৱাই ঘৰৰ চাদত অকলে খোজ কাঢ়ি থকাৰ সময়ত হঠাৎ ছাদত থকা পানীৰ টেংকিটোত পৰে সোহন আৰু থিতাতে তেওঁৰ মৃত্যু হয়। মাত্ৰ কেইঘণ্টামানৰ ব্যৱধানত যমজ ভাতৃৰ মৃত্যুত পৰিয়ালটো বিধ্বস্ত হৈ পৰিছে।

বৰমেৰৰ সিন্ধাৰী থানাৰ আৰক্ষী বিষয়া সুৰেন্দ্ৰ সিঙে কয়, “বুধবাৰে নিশা ফোনত কথা পাতি থকা অৱস্থাত সুমেৰ ছাদৰ পৰা পিছলি পৰি যোৱা বুলি পৰিয়ালে অৱগত কৰিছে। যমজ ভাতৃৰ মৃত্যুৰ খবৰ পাই বৃহস্পতিবাৰে পুৱা ঘৰলৈ উভতি অহাৰ পিছতে সোহনেও পানীৰ টেংকিত পৰি মৃত্যুক সাৱটি লয়।”

অৱশ্যে সোহনে আত্মহত্যা কৰিছিল নে দুৰ্ঘটনাত মৃত্যু হৈছিল সেয়া নিশ্চিত কৰিব পৰা নাই বুলি আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰিছে। বৃহস্পতিবাৰে যমজ ভাতৃদ্বয়ক নিজৰ গাঁৱত শেষকৃত্য সম্পন্ন কৰা হয়।