NORTHEAST NOW (Assamese)

কোকৰাঝাৰত সেনা-আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে আটক দুজন আদিবাসী উগ্ৰপন্থী

September 14, 2019 12:59 pm · এন ই নাও নিউজ
Updated: September 14, 2019 3:34 pm
আটক হোৱা উগ্ৰবাদী সদস্য দুজন

কোকৰাঝাৰ আৰক্ষী, কামাণ্ডো বেটেলিয়ান আৰু ২১০ কোব্ৰা ৰেজিমেণ্টে বিশেষ সূত্ৰৰ ভিত্তিত শুকুৰবাৰে নিশা ভাৰত-ভূটান সীমান্ত অঞ্চলত বৃহৎ অভিযান চলায়।

পুৱতি নিশালৈ অব্যাহত থকা অভিযানত বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ সহ দুগৰাকী আদিবাসী উগ্ৰবাদী সংগঠনৰ সদস্যক আটক কৰিবলৈ সক্ষম হয়।

আটক হোৱা উগ্ৰপন্থী দুজন হ’ল ক্ৰমে কোকৰাঝাৰ জিলাৰ কোঝাৰনা গাঁৱৰ স্বৰ্গীয় পল্টন মুৰ্মুৰ পুত্ৰ পুদান মুৰ্মু (৪৫) আৰু চুপেৰগুৰি গাঁৱৰ স্বৰ্গীয় দেৱান মুৰ্মুৰ পুত্ৰ বাজুন মুৰ্মু (২৪)।

আটকাধীন উগ্ৰপন্থী দুজনৰ পৰা অভিযানকাৰী দলটোৱে দুটা এ কে চিৰিজৰ ৰাইফল, দুটা এ কে মেগজিন, এটা মজল লোডিং বন্দুক, পাঁচ জাই এ কে ছিৰিজৰ সজীৱ গুলী আৰু ৬৩৭ জাই .৩০ এম১ পিষ্টলৰ গুলী উদ্ধাৰ কৰে।

আনহাতে, উগ্ৰপন্থী সদস্য দুগৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।

অধিক তথ্যৰ বাবে বৰ্তমান দুয়োকো সেনা আৰু আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।

Related News