নাগৰিকত্ব সংশোধনী আইনৰ বলৱৎ কৰণক লৈ অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ। এই আইন বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছে বিৰোধী ৰাজনৈতিক দল তথা প্ৰতিবাদী জনতাই।
আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও এক সংবাদমেল সম্বোধন কৰি ‘কা’ বিৰোধিতা কৰাৰ লগতে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। নাগৰিকত্ব সংশোধনী আইনখনে ভাৰতবৰ্ষৰ বাবে অতি ভয়াৱহ ভৱিষ্যত কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে কেজৰিৱালে।
নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি ভাৰতত নাগৰিকত্ব দিবলৈ ওলোৱা কোটি-কোটি মানুহক মোদী চৰকাৰে ভাৰতৰ থলুৱা লোকসকলৰ প্ৰাপ্য কৰ্মসংস্থাপন, ৰেচন কাৰ্ড, আৱাসস্থলী আদি প্ৰদান কৰিব নেকি বুলিও তেওঁ প্ৰশ্ন কৰে।
কেজৰিৱালে এই সম্পৰ্কে বিজেপি চৰকাৰক আক্ৰমণ কৰি কয় যে ভাৰতৰ জনসাধাৰণৰ কৰৰ ধনেৰে বিদেশীক বৰপীৰা পাৰি দিয়াৰ সিদ্ধান্তক ভাৰতৰ জনসাধাৰণে কেতিয়াও অনুমোদন নজনায়।
ভাৰতলৈ অহা ধৰ্মীয় সংখ্যালঘুসকলক নাগৰিকত্ব প্ৰদানৰ সম্পৰ্কে মোদী চৰকাৰক সমালোচনা কৰাৰ লগতে কানাডাৰ দৰে দেশসমূহৰ উদাহৰণ দি কেজৰিৱালে কয় যে বৰ্তমান সময়ত কানাডা, ব্ৰিটেইন আদিৰ দৰে দেশে শৰণাৰ্থী গ্ৰহণ নকৰাৰ সিদ্ধান্ত লোৱাৰ সময়ত ভাৰত চৰকাৰে সেইসমূহ উদাহৰণৰপৰা একো শিক্ষা নলৈ আমাৰ দেশখনক বিদেশীৰ চৰণীয়া পথাৰ কৰি তুলিব খোজাটো অতি পৰিতাপৰ বিষয়।
তেওঁ লগতে চৰকাৰক আঙুলিয়াই দিয়ে যে আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশত মুঠতে তিনি কোটিতকৈও অধিক ধৰ্মীয় সংখ্যালঘু লোক আছে। এইসকল ধৰ্মীয় সংখ্যালঘুৰ মাজৰ ডেৰ কোটি মানুহ ভাৰতলৈ আহিলেও তেওঁলোকক ক’ত সংস্থাপন দিব বুলি প্ৰশ্ন তোলে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াৰ আগতে কেজৰিৱালে উত্থাপন কৰা এই প্ৰশ্নসমূহৰ সংক্ৰান্তত সংবাদ মাধ্যমত প্ৰদান কৰা বক্তব্যৰ তীব্ৰ সমালোচনা কৰি কেজৰিৱালে কয় যে উত্থাপন কৰা প্ৰশ্নসমূহৰ এটাও সঠিক উত্তৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দিব নোৱাৰিলে, তাৰ বিপৰীতে কেজৰিৱালক গালি-গালাজহে পাৰিলে।
সেইদৰে কেজৰিৱালে উল্লেখ কৰে যে যদিহে ভাৰতলৈ মানুহ আনিবই লাগে তেন্তে দেশ এৰি গুচি যোৱা ব্যৱসায়ীসকলক ঘূৰাই আনক, তেওঁলোক দেশলৈ ঘূৰি আহিলে দেশখনৰ অৰ্থনীতি মজবুত হ’ব।
ইফালে নাগৰিকত্ব সংশোধনী আইনে অসমৰ ওপৰত পেলাবলগীয়া প্ৰভাৱ সম্পৰ্কে উল্লেখ কৰে অৰবিন্দ কেজৰিৱালে। তেওঁ কয় যে এই বিতৰ্কিত আইনখনে অসমৰ ওপৰত আটাইতকৈ বেয়া প্ৰভাৱ পেলাব।
অসমৰ সংস্কৃতি, জনগাঁথনি, অৰ্থনীতি, ৰাজনৈতিক অধিকাৰ আদি সকলো দিশতেই এই আইনখনে অসমৰ খিলঞ্জীয়া ৰাইজক শক্তিহীন কৰি তুলিব আৰু সেইবাবেই অসমৰ ৰাইজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে বুলি তেওঁ সংবাদ মেলত মন্তব্য কৰে।