• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘কা’ বলৱৎ হোৱাৰ ফলত সংকটাপন্ন হ’ব অসমৰ ভাষা-সংস্কৃতিঃ কেজৰিৱাল

সংবাদ মেলত কেজৰিৱালৰ অভিযোগ, ‘কা'ৰ জৰিয়তে আঢ়ৈ-তিনি কোটি বিদেশীয়ে পাব নাগৰিকত্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2024 8:22 pm
CAA Kejriwal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী আইনৰ বলৱৎ কৰণক লৈ অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ। এই আইন বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছে বিৰোধী ৰাজনৈতিক দল তথা প্ৰতিবাদী জনতাই।

আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও এক সংবাদমেল সম্বোধন কৰি ‘কা’ বিৰোধিতা কৰাৰ লগতে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। নাগৰিকত্ব সংশোধনী আইনখনে ভাৰতবৰ্ষৰ বাবে অতি ভয়াৱহ ভৱিষ্যত কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে কেজৰিৱালে।

Apply Now

নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি ভাৰতত নাগৰিকত্ব দিবলৈ ওলোৱা কোটি-কোটি মানুহক মোদী চৰকাৰে ভাৰতৰ থলুৱা লোকসকলৰ প্ৰাপ্য কৰ্মসংস্থাপন, ৰেচন কাৰ্ড, আৱাসস্থলী আদি প্ৰদান কৰিব নেকি বুলিও তেওঁ প্ৰশ্ন কৰে।

কেজৰিৱালে এই সম্পৰ্কে বিজেপি চৰকাৰক আক্ৰমণ কৰি কয় যে ভাৰতৰ জনসাধাৰণৰ কৰৰ ধনেৰে বিদেশীক বৰপীৰা পাৰি দিয়াৰ সিদ্ধান্তক ভাৰতৰ জনসাধাৰণে কেতিয়াও অনুমোদন নজনায়।

ভাৰতলৈ অহা ধৰ্মীয় সংখ্যালঘুসকলক নাগৰিকত্ব প্ৰদানৰ সম্পৰ্কে মোদী চৰকাৰক সমালোচনা কৰাৰ লগতে কানাডাৰ দৰে দেশসমূহৰ উদাহৰণ দি কেজৰিৱালে কয় যে বৰ্তমান সময়ত কানাডা, ব্ৰিটেইন আদিৰ দৰে দেশে শৰণাৰ্থী গ্ৰহণ নকৰাৰ সিদ্ধান্ত লোৱাৰ সময়ত ভাৰত চৰকাৰে সেইসমূহ উদাহৰণৰপৰা একো শিক্ষা নলৈ আমাৰ দেশখনক বিদেশীৰ চৰণীয়া পথাৰ কৰি তুলিব খোজাটো অতি পৰিতাপৰ বিষয়।

তেওঁ লগতে চৰকাৰক আঙুলিয়াই দিয়ে যে আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশত মুঠতে তিনি কোটিতকৈও অধিক ধৰ্মীয় সংখ্যালঘু লোক আছে। এইসকল ধৰ্মীয় সংখ্যালঘুৰ মাজৰ ডেৰ কোটি মানুহ ভাৰতলৈ আহিলেও তেওঁলোকক ক’ত সংস্থাপন দিব বুলি প্ৰশ্ন তোলে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াৰ আগতে কেজৰিৱালে উত্থাপন কৰা এই প্ৰশ্নসমূহৰ সংক্ৰান্তত সংবাদ মাধ্যমত প্ৰদান কৰা বক্তব্যৰ তীব্ৰ সমালোচনা কৰি কেজৰিৱালে কয় যে উত্থাপন কৰা প্ৰশ্নসমূহৰ এটাও সঠিক উত্তৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দিব নোৱাৰিলে, তাৰ বিপৰীতে কেজৰিৱালক গালি-গালাজহে পাৰিলে।

সেইদৰে কেজৰিৱালে উল্লেখ কৰে যে যদিহে ভাৰতলৈ মানুহ আনিবই লাগে তেন্তে দেশ এৰি গুচি যোৱা ব্যৱসায়ীসকলক ঘূৰাই আনক, তেওঁলোক দেশলৈ ঘূৰি আহিলে দেশখনৰ অৰ্থনীতি মজবুত হ’ব।

ইফালে নাগৰিকত্ব সংশোধনী আইনে অসমৰ ওপৰত পেলাবলগীয়া প্ৰভাৱ সম্পৰ্কে উল্লেখ কৰে অৰবিন্দ কেজৰিৱালে। তেওঁ কয় যে এই বিতৰ্কিত আইনখনে অসমৰ ওপৰত আটাইতকৈ বেয়া প্ৰভাৱ পেলাব।

অসমৰ সংস্কৃতি, জনগাঁথনি, অৰ্থনীতি, ৰাজনৈতিক অধিকাৰ আদি সকলো দিশতেই এই আইনখনে অসমৰ খিলঞ্জীয়া ৰাইজক শক্তিহীন কৰি তুলিব আৰু সেইবাবেই অসমৰ ৰাইজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে বুলি তেওঁ সংবাদ মেলত মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm
পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

August 27, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd