NORTHEAST NOW (Assamese)

বিশ্বনাথৰ বাঘমাৰীত দুজন অস্ত্ৰ সৰবৰাহকাৰীক আটক; দুটা ৩০৩ ৰাইফল জব্দ

June 14, 2019 10:48 pm · কাজি জেইদুল ইছলাম

বিশ্বনাথ আৰক্ষী আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাই যুটীয়াভাৱে অভিযান চলাই দুজন অস্ত্ৰ সৰবৰাহকাৰীক আটক কৰাৰ লগতে দুটা ৩০৩ ৰাইফলো জব্দ কৰিবলৈ সক্ষম হয়।

আটকাধীন অস্ত্ৰ সৰবৰাহকাৰী কেইটাক বিশ্বনাথ চাৰিআলিৰ বল’ডোঙাৰ হানিফ আলী আৰু আব্দুল ছৈয়দ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

ঘটনাৰ বিৱৰণি মতে দুই অস্ত্ৰ সৰবৰাহকাৰীয়ে গঁড় চিকাৰীক যোগান ধৰাৰ উদ্দেশ্যেৰে ৩০৩ ৰাইফল দুটা ধানৰ পতানৰ বস্তাত ভৰাই এ এছ ১২ কিউ ৭৮০৯ নম্বৰৰ গ্লেমাৰ মটৰচাইকেলেৰ আহি আছিল।

সেই সময়তে বিশ্বনাথৰ বাঘমাৰীত বিশ্বনাথ আৰক্ষী আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাই অভিযান চলাই দুইজনকে আটক কৰে।

বৰ্তমান বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত আৰক্ষী আৰু বন বিভাগৰ উচ্চ পদস্থ বিষয়াই আটকাধীন দুই অস্ত্ৰসৰবৰাহকাৰীক মাৰাথান জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

Related News