NORTHEAST NOW (Assamese)

টেলিগ্ৰামত প্ৰাক্তন প্ৰেমিকাৰ অশ্লীল ছবি বিক্ৰী : দুই যুৱকক গ্ৰেপ্তাৰ গুৱাহাটী চাইবাৰ আৰক্ষীৰ

March 14, 2025 3:52 pm · এন ই নাও নিউজ, গুৱাহাটী

জনপ্ৰিয় মেচেঞ্জাৰ এপ্লিকেশ্যন টেলিগ্ৰামত নিজৰ প্ৰাক্তন প্ৰেমিকাৰ অশ্লীল ছবি বিক্ৰী কৰি আৰক্ষীৰ জালত পৰিছে দুই যুৱক।

ইতিমধ্যে অভিযুক্ত যুৱক দুজনক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটীৰ চাইবাৰ আৰক্ষীয়ে।

গ্ৰেপ্তাৰ হোৱা যুৱক দুজন দিছপুৰ থানাৰ অন্তৰ্গত মূলা গাভৰু পথৰ ১ নং বাইলেন ৫ নং ঘৰত বাস কৰা গৌতম দাস (২৭) আৰু কাহিলীপাৰাৰ জতিয়াআইচিআইচিআই বেংকৰ সমীপত বাস কৰা মনচব বিশ্বাস (১৯) বুলি জানিব পৰা গৈছে।

আই টি আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও গুৰুতৰ ধাৰাত যুৱক দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি এই যুটিটোৱে টেলিগ্ৰাম মেচেঞ্জাৰত এগৰাকী যুৱতীৰ স্পষ্ট নগ্ন ফটো বিক্ৰী কৰিছিল।

ভুক্তভোগী যুৱতীগৰাকী আছিল গৌতম দাসৰ প্ৰাক্তন প্ৰেমিকা। এই অশ্লীল ফটো সমূহ দেখুৱাই মনচব বিশ্বাসে যুৱতীগৰাকীক ব্লেকমেইল কৰা বুলিও অভিযোগ উত্থাপন হৈছে।  এই ঘটনাত জড়িত আন অভিযুক্ত সকলক গ্ৰেপ্তাৰৰ বাবে অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related News