• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ বাবে প্ৰদূষিত হৈছে বৰ্ণিহাট, মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ দাবী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2025 3:16 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৩ চনৰ পৰা ভাৰতৰ সবাতোকৈ দূষিত চহৰত পৰিণত হৈছে বৰ্ণিহাট।  অসম আৰু মেঘালয় ৰাজ্যৰ মাজত অৱস্থিত হোৱাৰ বাবে চহৰখন প্ৰদূষণে আবৰি ধৰা বুলি প্ৰকাশ অসমৰ মুখ্য চহৰ গুৱাহাটীৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ আৰু মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা ৭০ কিলোমিটাৰ দূৰত পাইছে। এই উদ্যোগিক চহৰখন অৱস্থিত।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে. চাংমাই কয় যে বৰ্ণিহাটৰ মেঘালয় অংশটো অসমৰ ফালৰ উদ্যোগসমূহৰ বাবে প্ৰদূষিত হৈছে। তেওঁ লগতে কয় যে মেঘালয়ৰ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে বৰ্ণিহাটৰ বায়ুৰ গুণাগুণ সন্তোষজনক বুলি প্ৰকাশ কৰিছে। কিন্তু অসমৰ সীমাৰ ওচৰত থকা এটা বায়ু গুণাগুণ পৰীক্ষণ কেন্দ্ৰই বায়ুৰ গুণাগুণ নিম্ন মানৰ বুলি প্ৰকাশ কৰিছে।

Apply Now

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৰ্ণিহাটৰ অসম অংশত ২০টা “ৰেড কেটেগৰী”ৰ উদ্যোগ আছে, যিবোৰে বেছি প্ৰদূষণ সৃষ্টি কৰে, আনহাতে মেঘালয় অংশত মাত্ৰ ৫টা তেনে উদ্যোগ আছে। তেওঁ উল্লেখ কৰিছে যে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ আৰু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিৰ্দেশনা অনুসৰি অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে অসমৰ বৰ্ণিহাট অঞ্চলৰ পৰিৱেশৰ অৱস্থা উন্নত কৰিবলৈ এক কৰ্মপন্থা প্ৰস্তুত কৰিছে।

চুইজাৰলেণ্ডৰ IQAir নামৰ কোম্পানীৰ World Air Quality Report 2024 ৰ তথ্যক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে MSPCB ৰ চাৰিটা নিৰিক্ষণ কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, ২০২৪ চনত বৰ্ণিহাটৰ PM2.5 ৰ গড় পৰিমাণ ৫০.১ µg/m3 আছিল। ২০২৫ চনৰ জানুৱাৰীৰ পৰা মাৰ্চলৈ বায়ু গুণাগুণ সূচক সন্তোষজনক আছিল বুলি উল্লেখ কৰে। কিন্তু IQAir প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি বৰ্ণিহাটৰ PM2.5 ৰ গড় পৰিমাণ ১২৮.২ মাইক্ৰোগ্ৰাম পাৰ কিউবিক মিটাৰ (µg/m3) আছিল।

চাংমাই কয় যে মেঘালয়ৰ চৰকাৰে উদ্যোগসমূহত হঠাৎ পৰিদৰ্শন কৰি চহৰখনৰ বায়ুৰ গুণাগুণ উন্নত কৰিবলৈ চেষ্টা কৰি আছে। তেওঁ অসম আৰু মেঘালয় ৰাজ্যৰ মাজত সহযোগিতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে, যাতে বৰ্ণিহাটৰ প্ৰদূষণ সমস্যা সমাধান কৰিব পৰা যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd