NORTHEAST NOW (Assamese)

গোৱালপাৰাত উৎখাত ভুৱা প্ৰমাণপত্ৰ যোগান ধৰা চক্ৰ: দুগৰাকীক গ্ৰেপ্তাৰ

September 25, 2022 11:54 am · নীলমনি শর্মা, কৃষ্ণাই

গোৱালপাৰাৰ মাটিয়াত আৰক্ষীৰ জালত পৰিছে ভুৱা প্ৰমাণপত্ৰ প্ৰস্তুত কৰা এক কু-চক্ৰ৷ মাটিয়া ৰাজহচক্ৰ কাৰ্যালয়ৰ সমুখতে গোপনে এই চক্ৰটোৱে দীৰ্ঘদিন ধৰি চলাই গৈছিল ভুৱা চাৰ্টিফিকেটৰ ৰমৰমীয়া ব্যৱসায়।

এই ভুৱা চক্ৰটোৰ কৱলত পৰা এগৰাকী ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত মাটিয়া আৰক্ষীয়ে অভিযান চলাই মাটিয়া ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমুখতে থকা এখন ব্যৱসায়িক প্ৰতিষ্ঠানত চলাই থকা এই অবৈধ চক্ৰটো উৎখাত কৰে।

আৰক্ষীৰ লগতে প্ৰতিষ্ঠানটোৰ গৰাকী হাফিজুল ৰহমানকো গ্ৰেপ্তাৰ কৰে। পিছত হাফিজুলৰ স্বীকাৰোক্তিৰ ভিত্তিত মৰনৈ নেপালীখুঁটিৰ পৰা বিল্লাল হুছেইন নামৰ আন এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ধৃত দুয়োগৰাকী ব্যক্তিৰে একোখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান আছে আৰু ইয়াতে তেওঁলোকে ভুৱা চাৰ্টিফিকেট নিৰ্মাণৰ কাম কৰিছিল৷

ইফালে আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰাৰ পাছত ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাই দুটা স্কেনাৰ, দুটা লেপটপ, দুটা প্ৰিণ্টাৰ আৰু দুটা মোবাইলৰ লগতে ভুৱা চাৰ্টিফিকেটো জব্দ কৰিবলৈ সক্ষম হয়৷

মাটিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমীৰ কোঁৱৰৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল৷ নতুন নতুন তথ্য সংগ্ৰহৰ লগতে এই চক্ৰটোৰ সৈতে জড়িত থকা আন লোকক কৰায়ত্ত কৰাৰ স্বাৰ্থত দুয়োগৰাকী অভিযুক্তক আদালতত হাজিৰ কৰাই পুনৰ আৰক্ষীৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে৷

Related News