NORTHEAST NOW (Assamese)

গুৱাহাটীত তীব্ৰবেগী বাহনৰ খুন্দাত নিহত দুই বাইক আৰোহী

April 29, 2023 7:34 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 29, 2023 7:58 pm

শনিবাৰে পুৱা গুৱাহাটীৰ বেলতলা চাৰ্ভেত এখন বাহনৰ খুন্দাত দুজন বাইকাৰে কৰুণভাৱে প্ৰাণ হেৰুৱাইছে।

জানিব পৰা মতে মৃত যুৱক দুজন ডিমা হাছাও জিলাৰ অন্তৰ্গত উমৰাংছ’ৰ অয়ন দাস আৰু বিশাল দাস।

সূত্ৰই জনোৱা মতে, পিছফালৰ পৰা এখন দ্ৰুতবেগী বাহনে খুন্দা মৰাৰ ফলত যুৱক দুগৰাকী থিতাতে মৃত্যু হয়।

সম্প্ৰতি মৃত যুৱক দুজনৰ মৃতদেহ পৰৱৰ্তী কাৰ্য্যবিধিৰ বাবে জিএনআৰচি চিকিৎসালয়ত ৰখা হৈছে।

ইফালে আজি গোলাঘাট জিলাৰ অন্তৰ্গত কাজিৰঙাত সংঘটিত এক পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয়।

হালধিবাৰী অঞ্চলৰ সমীপৱৰ্তী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।

তেওঁলোকে যাত্ৰা কৰা পিকআপ ভ্যানখনে পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত তীব্ৰভাবে খুন্দা মাৰে।

এতিয়ালৈকে মৃত ব্যক্তি দুজনৰ পৰিচয় পোহৰলৈ অহা নাই।

Related News