NORTHEAST NOW (Assamese)

‘দ্ৰৌপদী প্ৰথা’! ‘পৰম্পৰা’ ৰক্ষা কৰি হিমাচলত দুই ভাতৃৰ সৈতে বিয়াত বহিল এগৰাকী যুৱতী

July 22, 2025 12:56 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতবৰ্ষৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত বিবাহক কেন্দ্ৰ কৰি থকা ৰীতি-নীতিৰ বৈচিত্ৰ্যই আচৰিত কৰাটো নিশ্চিত। ধৰ্ম, অঞ্চল আৰু জাতি অনুসৰি ৰীতি-নীতি আৰু ব্যৱস্থা সলনি হয়। কিন্তু হিমাচল প্ৰদেশৰ ছিৰমৌৰ জিলাৰ এখন সৰু গাঁৱত সম্প্রতি জনসাধাৰণৰ চকুৰ পৰা লুকাই থকা এটা বিবাহৰ সাক্ষী থাকিল সকলো। দুই ভাতৃৰ সৈতে এগৰাকী যুৱতীৰ বিবাহ অৰ্থাৎ ‘বহুবিবাহ’।

এখনেই বিয়া, দুজন দৰা আৰু এগৰাকী কইনা। শিল্লাই গাঁৱৰ প্ৰদীপ নেগী আৰু কপিল নেগীয়ে শেহতীয়াকৈ কুঁহাট গাঁৱৰ সুনীতা চৌহানৰ সৈতে বিবাহপাশত আবদ্ধ হয়। পৰম্পৰাগত হাট্টি জনগোষ্ঠীৰ নিয়ম অনুযায়ী এই বিবাহ সংঘটিত হয়। স্থানীয়ভাৱে ‘যোৰিদৰণ’ বা ‘দ্ৰৌপদী প্ৰথা’ নামেৰে জনাজাত এই প্ৰাচীন প্ৰথাত ভাতসকলে একেলগে এগৰাকী পত্নীৰ সৈতে বিয়া পাতে।

হিমাচল প্ৰদেশৰ ট্ৰেন্স-গিৰি অঞ্চল আৰু উত্তৰাখণ্ডৰ কিছু অংশত প্ৰচলিত এই বহুবিবাহ প্ৰথাৰ মূল উদ্দেশ্য আছিল পাৰিবাৰিক ঐক্য বজাই ৰখা, ভূমি বিভাজন ৰোধ কৰা আৰু বিধৱাৰ সংখ্যা হ্ৰাস কৰা। যদিও আধুনিক যুগত এই প্ৰথা ক্ৰমান্বয়ে হ্ৰাস পাইছে, তথাপিও কিছুমান পৰিয়ালত ইয়াক সন্মানেৰে পালন কৰা হয়।

জল শক্তি বিভাগত কৰ্মৰত প্ৰদীপ নেগীয়ে কয়, “এই সিদ্ধান্ত পাৰস্পৰিক। আমাৰ বিশ্বাস, ইজনে সিজনৰ ওপৰত বিশ্বাস, যত্ন আৰু দায়িত্ববোধ আটাইতকৈ গুৰুত্বপূৰ্ণ। আমি এই বিবাহ গোপনে নহয়, মুকলিকৈ কৰিলোঁ, কাৰণ আমি আমাৰ ঐতিহ্যক লৈ গৌৰৱান্বিত।”

বিদেশত হস্পেলিটি খণ্ডত কাম কৰা কপিলে কয়, “মই বিদেশত থাকিলেও এই বিবাহে আমাৰ পত্নীৰ সুৰক্ষা আৰু ভালপোৱা নিশ্চিত কৰিব। আমি একেলগে আছো, সেয়াই গুৰুত্বপূৰ্ণ।”

আনহাতে সুনীতাই কয়, এই সিদ্ধান্ত সম্পূৰ্ণ মোৰ নিজৰ আছিল।মোৰ ওপৰত কোনো হেঁচা নাছিল।এই প্ৰথাৰ বিষয়ে মই সচেতন আৰু নিজৰ ইচ্ছামতে এই পথটো বাছি লৈছিলো।আমাৰ সম্পৰ্কত মোৰ সম্পূৰ্ণ বিশ্বাস আছে।

তিনিদিনীয়া এই বিয়াখনত বহু আত্মীয়, ওচৰ-চুবুৰীয়া, হাট্টি সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰে। অতিথিসকলক পৰম্পৰাগত ট্ৰেন্স-গিৰি অঞ্চলৰ খাদ্য প্ৰদান কৰা হয়, যিটো বিশেষকৈ বিয়াত পৰিবেশন কৰা হয়।

বিবাহ অনুষ্ঠানটো আছিল সম্পূৰ্ণ আনন্দপূৰ্ণ অনুষ্ঠান। পাহাৰীয়া লোকগীতত সকলোৱে বিধূৰ হৈ পৰে, নৃত্য-গীত চলে, আশীৰ্বাদেৰে ভৰি পৰে দৰা-কইনাৰ নতুন জীৱন।

Related News