ক’ৰ’না প্ৰতিহতৰ বাবে অসম চৰকাৰলৈ দুই কংগ্ৰেছী সাংসদৰ আৰ্থিক সাহায্য

Abdul pradyut

ভাৰতবৰ্ষত ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ৰ’না ভইৰাছে। ইয়াৰ সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে ইয়াক প্ৰতিহত কৰাৰ বাবে চেষ্টা চলাই আছে। শাসক-বিৰোধী বিধায়ক, সাংসদ, খেলুৱৈ, অভিনেতা সকলোৱে চৰকাৰৰ এই প্ৰচেষ্টাত সহায়ৰ হাত আগবঢ়াইছে।

শেহতীয়াকৈ নগাঁৱৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বৰপেটাৰ কংগ্ৰেছী সাংসদ আব্দুল খালেকেও ৰাজ্য চৰকাৰলৈ সহায়ৰ হাত আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

সাংসদ বৰদলৈয়ে ১ কোটি টকা সাহায্য আগবঢ়োৱাৰ লগতে খালেকে নিজৰ পুঁজিৰ পৰা ৫০ লাখ টকা ৰাজ্য চৰকাৰলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

‘এই সময়ত চৰকাৰক আমি সকলো প্ৰকাৰে সহযোগিতা আগবঢ়োৱা উচিত। চৰকাৰৰ প্ৰতিটো নীতি-নিৰ্দেশনা প্ৰত্যেকগৰাকী নাগৰিকে মানি চলো আহক। ক’ৰ’নাক প্ৰতিহত কৰিব পৰাকৈ যি সমূহ সামগ্ৰী যোগান ধৰিব লাগিব সেই সামগ্ৰী সমূহ যোগান ধৰিবৰ বাবে ময়ো ব্যৱস্থা লৈছো’, প্ৰদ্যুৎ বৰদলৈয়ে এইদৰে কয়।

তেওঁ লগতে কয়, ‘অবিলম্বে মোৰ সংসদীয় পুঁজিৰ পৰা নগাঁও সমষ্টিত এই ব্যৱস্থা ল’বৰ বাবে ১ কোটি টকা মই বৰঙণি আগবঢ়াইছো। বিভিন্ন প্ৰকাৰে ব্যক্তিগতভাৱে চৰকাৰৰ লগত সহযোগ কৰি ব্যৱস্থা গ্ৰহণ কৰাত সহযোগ আগবঢ়াম।‘ নিজৰ টুইটাৰ একাউন্টত এক ভিডিঅ’ আপল’ড কৰি সাংসদ প্ৰদ্যুত বৰদলৈয়ে এইদৰে কয়।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে ১ কোটি ৫০ লাখ আৰু বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই নিজৰ সাংসদ পুঁজিৰ পৰা ১ কোটি টকা ৰাজ্য চৰকাৰলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

তদুপৰি, গুৱাহাটীত চিকিৎসালয় নিৰ্মাণৰ বাবে সাংসদ পুঁজিৰ উপৰি ব্যক্তিগতভাৱে ১০ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে সাংসদ গৰাকীয়ে।