অসমত ক’ৰ’না ভাইৰাছৰ দুটা ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ স্পষ্টীকৰণ

Corona Virus

প্ৰতিনিধিত্বমূলক ছবি।

ক’ৰ’না ভাইৰাছত আক্ৰান্ত বুলি সন্দেহ কৰা অসমৰ দুটা ঘটনা সন্দৰ্ভত আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে স্পষ্টীকৰণ দিছে।

বিশ্বত নতুন আতংক হিচাপে দেখা দিয়া ভাইৰাছবিধক লৈ ভাৰত তথা অসমৰ জনসাধাৰণো অতিশয় উদ্বিগ্ন হৈ থকাৰ সময়তে মন্ত্ৰ্যালয়ে কয় যে অসমৰ ঘটনা দুটাত নেতিবাচক ৰিজাল্ট পোৱা গৈছে।

“নতুন ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকসকলৰ সন্ধান আৰু চিকিৎসাৰ বাবে সকলো ধৰণৰ সৰ্বাধিক আগতীয়া সাৱধানতা অৱলম্বন কৰা হৈছে”, মন্ত্ৰ্যালয়টোৰ বিবৃতিত কোৱা হয়।

এতিয়ালৈকে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ (গুৱাহাটী)ত ১৭৯জন, মোহনবাৰী বিমান বন্দৰ (ডিব্ৰুগড়)ত ৬৩জন, ৰৰৈয়া বিমান বন্দৰ (যোৰহাট) ৭জন, কুম্ভীৰগ্ৰাম বিমান বন্দৰ (শিলচৰ)ত ৭জন, লীলাবাৰী বিমান বন্দৰ (লখিমপুৰ) ২৫জন আৰু শালনিবাৰী বিমান বন্দৰ (তেজপুৰ)ত ১১জন লোকক পৰীক্ষা (screening) কৰা হৈছে।

৫৬জন যাত্ৰীক ক’ৰ’না ভাইৰাছ সংক্ৰমণ ঘটা দেশৰ পৰা অহা বুলি চিনাক্ত কৰা হৈছে আৰু এওঁলোকক ঘৰতে আনৰ পৰা বিচ্ছিন্ন অৱস্থাত (home isolation) অৱস্থাত ৰখা হৈছে।

২৩জন আন আন ঠাইৰ যাত্ৰী (৯জন মেঘালয়, ৬জন ভূটান, ৩জন নাগালেণ্ড আৰু ৫জন তেলেংগানা)য়ে ইতিমধ্যে ৰাজ্যখন ত্যাগ কৰিছে।

এতিয়ালৈকে অসমৰ পৰা দুজন লোকৰ নমুনা পুণেৰ NIV-লৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰে এটা নমুনাৰ নেতিবাচক ফল দেখা গৈছে আৰু আনটো তেনে ইংগিত নথকা বুলি ঘূৰাই পঠোৱা হৈছে।

ক’ৰ’না ভাইৰাছৰ প্ৰেক্ষাপটত সৰ্বসাধাৰণ লোকক ৰাজ্য চৰকাৰে জাৰি কৰা স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শাৱলী অনুসৰণ কৰিবলৈ কোৱা হৈছে।

“জনসাধাৰণে কাহ মৰাৰ বিধিবোৰ মানি চলা উচিত, যিবোৰৰ ভিতৰত আছে কাহ/হাঁচি মৰাৰ সময়ত ৰুমাল বা টাৱেলেৰে মুখ ঢাকি ল’ব লাগে আৰু সঘনাই হাত চাবোন আৰু পানীৰে ধুব লাগে”, মন্ত্ৰ্যালয়টোৰ বিষয়াই কয়।

তাৰোপৰি কোৱা হৈছে, যিসকল লোক ক’ৰ’না ভাইৰাছ সংক্ৰমণ ঘটা দেশৰ পৰা আহি উপস্থিত হৈছে, তেওঁলোকে লক্ষণযুক্ত হওক বা নহওক ঘৰত ২৮ দিনৰ বাবে বিচ্ছিন্ন অৱস্থাত থাকিব লাগে।

অসমত ইয়াৰ ইংগিত থকা কোনো ঘটনা নাই বুলি কৈ মন্ত্ৰ্যালয়টোৱে উত্তৰ অসমৰ সীমামূৰীয়া জিলাকেইখন, বাক্সা, চিৰাং, কোকৰাঝাৰ আৰু ওদালগুৰি নিৰীক্ষণত আছে আৰু কোনো সন্দেহজনক লোকৰ বিষয়ে DSU/SSU, IDSP-ত জনাবলৈ আহ্বান জনোৱা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাই বৰ্তমানলৈকে ২৩খন দেশ এই মহামাৰীত আক্ৰান্ত হৈছে বুলি জানিবলৈ দিছে।