NORTHEAST NOW (Assamese)

ৰূপহীহাট আৰক্ষীৰ জালত দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী

March 25, 2019 10:23 pm · এন ই নাও নিউজ
Updated: March 25, 2019 10:43 pm
আৰক্ষীৰ হাতত আটক হোৱা দুই অপৰাধী

নগাঁও জিলাৰ ৰূপহীহাটত সোমবাৰে আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰী যুৱকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱক দুজন মাগুৰমাৰীৰ আইজুল ইছলাম আৰু ইশাদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে,  বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ৰূপহীঘাট আৰক্ষীয়ে ভাৰপ্ৰাপ্ত বিষয়া কল্যাণ কুমাৰ গগৈৰ নেতৃত্বত আৰু স্থানীয় ৰাইজৰ সহযোগত ৰূপহীঘাটৰ চাইদৰীয়া অঞ্চলত ব্যাপক অভিযান চলাই। আৰক্ষীৰ অভিযানৰ খবৰ লাভ কৰি অঞ্চলটোত ড্ৰাগছৰ অবৈধ বেহা চলাই অহা যুৱক দুজনে পলাবলৈ চেষ্টা কৰে। আৰক্ষীৰ তৎপৰতা আৰু স্থানীয় ৰাইজৰ সহযোগত দুই ড্ৰাগছ সৰবৰাহী আটক হয়।

নগাঁওৰ ৰূপহীঘাট অঞ্চলত ক্ৰমান্বয়ে ড্ৰাগছ আৰু অবৈধ কাৰ্য্যকলাপৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে। আজিৰ সফল অভিযানৰ অন্তত আৰক্ষীৰ তৰফৰ পৰা এনেধৰণৰ অভিযান ভবিষ্যতেও আৰক্ষীয়ে চলাই যাব বুলি স্থানীয় ৰাইজৰ আগত স্পষ্টকৈ প্ৰকাশ কৰে।

Related News