অসমত পাঁচখন জনসভাত অংশ লৈ মোডীয়ে বজাব লোকসভা নিৰ্বাচনৰ ৰণডংকা

নৰেন্দ্ৰ মোডীৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

আগন্তক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কিছুদিন বাকী থকা অৱস্থাত অসম ৰাজ্যিক বিজেপিয়ে নিৰ্বাচনলৈ সম্পুৰ্ণৰূপে সাজু হৈছে। চলিত মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰতে ৰাজ্যিক বিজেপিয়ে ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত ১৩ টা লোকসভা সমষ্টিত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে।

আনহাতে, দলে লোকসভাত অগপৰ লগত মিত্ৰতা কৰিবনে অকলে নিৰ্বাচনত অৱতীৰ্ণ হ’ব সেই সম্পৰ্কে সিদ্ধান্ত এতিয়াও গ্ৰহণ কৰা নাই। অগপৰ লগত নিৰ্বাচনী মিত্ৰতা হ’লে বিজেপিয়ে দুটা সমষ্টি অগপক এৰি দিয়াৰ সম্ভাৱনা আছে।

শুকুৰবাৰে বিজেপিয়ে নিৰ্বাচনী উপসমিতি এখন গঠন কৰে। এই উপসমিতিখনে আগন্তুক লোকসভা নিৰ্বাচনত দলীয় প্ৰচাৰ আদি দিশ সমূহ চোৱা-চিতা কৰিব।

নতুনকৈ সৰ্বভাৰতীয় ৰাজনীতিলৈ মন মেলা হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী সমষ্টি নে তেজপুৰ লোকসভা সভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব সেই সম্পৰ্কে এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা নাই। তেজপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলে বৰ্তমানৰ সাংসদ আৰ পি শৰ্মাই সমষ্টিটো হিমন্তক এৰি দিব লাগিব।

উল্লেখযোগ্য যে, গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তী আৰু এজন নাম প্ৰকাশত অনিচ্ছুক সাংসদক এইবাৰ দলে টিকট দিয়াৰ সম্ভাৱনা নাই। উজনি অসমৰ এটা সমষ্টিত আহোম সম্প্ৰদায়ৰ প্ৰাৰ্থীক দলে টিকট দিয়াৰ সম্ভাৱনা আছে। অৱশ্যে, এই সম্পৰ্কত দলে এতিয়াও চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই।

আনহাতে, বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ নজৰত থকা অসমৰ লোকসভা আসনৰ প্ৰচাৰৰ বাবে বিজেপিৰ হাইপ্ৰফাইল নেতাৰ আগমন ঘটিব। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই প্ৰধান মন্ত্ৰী মোডী নিজেই অসমত দুদিনৰ বাবে বাহৰ পাতি নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰাৰ নেতৃত্ব লোৱাৰ কথা। মোডীয়ে ৰাজ্যত পাঁচখন নিৰ্বাচনী জনসভাত অংশ লোৱাৰ সম্ভাৱনা আছে।