ওদালগুৰিৰ টংলাত দুদিনীয়া কাৰ্যসূচীৰে সৰস্বতী মহাযজ্ঞ সম্পন্ন

IMG-20181224-WA0005

জ্ঞান আৰু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক তুষ্ট কৰাৰ বাবে ওদালগুৰি জিলাৰ টংলাত সম্পন্ন কৰা হৈছে সৰস্বতী মহাযজ্ঞ। দুদিনীয়াকৈ অনুষ্ঠিত কৰা এই মহাযজ্ঞ শনিবাৰে আৰম্ভ কৰি সোমবাৰে সম্পন্ন কৰা হয়। এই মহাযজ্ঞৰ আয়োজন কৰে শ্ৰীশ্ৰী সৰস্বতী মন্দিৰ ব্যৱস্থাপনা সমিতিয়ে।

এই মহাযজ্ঞত উপস্থিত থাকে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, সাহিত্যিক, শিল্পীসকলে। সম্পূৰ্ণ বৈদিক পদ্ধতি আৰু মন্ত্ৰোচ্চাৰণেৰে অনুষ্ঠিত সৰস্বতী মহাযজ্ঞ পূৰ্ণাহুতিকে আদি কৰি সমস্ত কাৰ্যসূচীসমূহত প্ৰায় ১০,০০০গৰাকী ভক্তই অংশগ্ৰহণ কৰিছিল।

১২ গৰাকী পুৰোহিতৰ শংখধ্বনি আৰু যথাবিহিত বৈদিক মন্ত্ৰোচ্চাৰণে সমগ্ৰ যজ্ঞস্থানত এটা ধৰ্মীয় বাতাৱৰণৰ সৃ্ষ্টি কৰে। নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত মহাযজ্ঞ ভাগৰ প্ৰধান পুৰোহিত গোপাল দেৱ শৰ্মাই কৈছে,‘‘ওদালগুৰিত এনেধৰণৰ মহাযজ্ঞ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে। সমগ্ৰ মানৱ জাতিৰ বাবে জ্ঞান আৰু মানসিক উৎকৰ্ষতা বিচাৰি আৰু ভৱিষ্যত প্ৰজন্মক কু-পথৰ পৰা আঁতৰাই ৰাখিবলৈ ভক্তগণে দেৱী সৰস্বতীলৈ প্ৰাৰ্থনা জনায়।

অকল মহিলাৰে গঠিত সৰস্বতী মহাযজ্ঞৰ ব্যৱস্থাপনা সমিতিৰ সদস্যসকলে অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু সদ্যসমাপ্ত  সৰস্বতী মহাযজ্ঞ ভাগৰ পৃষ্ঠপোষকসকলক সম্বৰ্ধনা জনায়।