ৰাইজে বিচাৰিলে হ’ব; তামুলপুৰত বড়োলেণ্ডৰ বিকল্প ৰাজনৈতিক দলৰ ইংগিত দিলে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে

ABSU Conference

এবছুৰ অভিৱৰ্তনৰ দৃশ্য

বি টি আৰ চুক্তি স্বাক্ষৰৰ পিছত বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ গইবাৰী গৌজন পথাৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুৰ বিশেষ অভিৱৰ্তন।

ইতিমধ্যে  ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা সংগঠনটোৰ কেইবাখনো জিলাৰ প্ৰতিনিধি আহি তামুলপুৰত উপস্থিত হৈছে আৰু এক উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হৈছে।

আবেলি তিনি বজাৰ পৰা প্ৰতিনিধি সভা আৰম্ভ হৈছে। এই প্ৰতিনিধি সভাত সুদীৰ্ঘ বছৰ কাল এবছুৰ সবল নেতৃত্ব  বহন কৰা বৰ্তমানৰ এবছুৰ সভাপতি তথা বি টি আৰ চুক্তি স্বাক্ষৰকাৰী সকলৰ অন্যতম প্ৰমোদ বড়োৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত প্ৰমোদ বড়োয়ে কয় যে, যিহেতু তেওঁ ছাত্র সংগঠনটোৰ লগতে বড়ো জনগোষ্ঠীৰ হকে সুদীৰ্ঘ বছৰ ধৰি কাম কৰি আহিছে, গতিকে এতিয়া তেওঁ  এবছুৰ দায়িত্ব নতুন নেতৃত্বৰ ওপৰত এৰি দিব বিচাৰে আৰু এইয়া প্ৰতিনিধি সভাত হোৱা আলোচনাৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

পূৰ্বৱৰ্তী এবছুৰ অধিবেশনত ৰৈ যোৱা কাৰ্যসূচী সমূহ  আজিৰে পৰা দুদিনীয়াকৈ  তামুলপুৰত অনুষ্ঠিত বিশেষ অভিৱর্তনৰ প্ৰতিনিধি সভাৰ আলোচনাত ঠাই পোৱাৰ লগতে বি টি আৰ চুক্তি কাৰ্যকৰীকৰণ, ৰাজনৈতিক আন্দোলন আৰু অন্যান্য দিশ সমূহ কেনেদৰে ভৱিষ্যতে আগুৱাই নিয়া হ’ব,  শৈক্ষিক, সামাজিক, অৰ্থনৈতিক দিশ সমূহৰ উন্নয়নৰ আৰু সমস্যাৰ দিশ সমূহেও  আজিৰ প্ৰতিনিধি সভাত ঠাই পাব বুলি বড়োৱে লগতে কয়।

এবছুৰ পৰা অব্যাহতি লোৱাৰ পিছত নতুন ৰাজনৈতিক দল গঠন সন্দৰ্ভত সোধা এক প্ৰশ্নৰ তেওঁ কয় যে, নতুন দল গঠনৰ ক্ষেত্ৰত তেওঁ ব্যক্তিগত ভাবে একো চিন্তা চৰ্চা কৰা নাই। এইয়া সামাজিক মাধ্যমতহে চৰ্চা হৈ থকা এটা বিষয়। যদি ৰাইজে নতুন দল গঠন হোৱাটো  বিচাৰে তেন্তে সেয়াও ৰাইজৰ ওপৰতেই নিৰ্ভৰ কৰিব।

ৰাজনীতিৰ বাহিৰেও সমাজত মানৱ সৰবৰাহ, নিবনুৱা সমস্যা আদিকে ধৰি অনেক সমস্যা আছে আৰু সেইবোৰ নিৰাময়ৰ বাবেও নিখিল বড়ো ছাত্র সন্থাৰ অপৰিসীম দায়িত্ব আছে বুলিও লগতে আবছুৰ সভাপতি গৰাকীয়ে কয়।

ৰাইজৰ সহায়-সহযোগ আৰু চৰকাৰৰ সদিচ্ছাৰ বাবে আজি বি টি আৰ চুক্তিৰ জৰিয়তে বড়োভূমিত শান্তি প্ৰতিষ্ঠাৰ দিশে এটা খাপ আগবাঢ়িছে। বি টি আৰ চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজনীতিৰ প্ৰয়োজন আছে নে নাই বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োয়ে কয় যে, এটা দলে ১৫ বছৰৰ অধিক কাল শাসন কৰিলে। গতিকে এই সময়ছোৱাত ৰাইজ সম্পূৰ্ণ আশ্বস্ত হব পৰা নাই আৰু এই সম্পৰ্কেও প্ৰতিনিধি সভাত আলোচনা হ’ব ।

বি টি আৰ চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত ভৱিষ্যতে কি ধৰণেৰে আগবাঢ়িব বুলি সোধাত তেওঁ কয় যে যিবিলাক দল সংগঠনৰ সংগ্ৰামৰ ফলত আজি এই চুক্তি স্বাক্ষৰিত হল, সেই সকল দল-সংগঠনৰ সৈতে হোৱা আলাপ-আলোচনাৰ মাজেৰেহে ভৱিষ্যতে সিদ্ধান্ত লোৱা হ’ব পাৰে বুলি তেওঁ গুৰুত্বপূৰ্ণ  মন্তব্য কৰে।

ইপিনে, কাইলৈ ৰাতিপুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পন কাৰ্যসূচীৰ পিছত তামুলপুৰৰ ৰাজপথত উলিওৱা হ’ব এক বিশাল ৰেলী।  ৰেলীৰ অন্তত তামুলপুৰ ঘগ্ৰাচ’ক বাকৰিত চুক্তি স্বাক্ষৰকাৰী এবছুৰ নেতাৰ লগতে এনডিএফবিৰ আটাইকেইটা গোটৰ নেতা সকলক আদৰণি জনোৱাৰ উদ্দেশ্যে মুকলি সভা অনুষ্ঠিত হ’ব।

এই সভাত নতুন ৰাজনৈতিক দল গঠনৰ বিষয়টোৱে স্থান পাব পাৰে বুলি বিভিন্ন মহলত চৰ্চিত হৈ আছে। আজি সন্ধিয়া অধিৱেশনথলীত সমূহীয়া ভাবে বন্তি প্ৰজ্বলন কাৰ্যসূচীও ৰূপায়ন কৰা হয়।