হৰিদ্বাৰৰ পিছত এইবাৰ উত্তৰ প্ৰদেশৰ বাৰাবাংকি মন্দিৰ। ঔশানেশ্বৰ মহাদেৱ মন্দিৰত পূজা দিবলৈ গৈ দুজন ভক্তৰ মৃত্যু ঘটে। হঠাৎ বিদ্যুতৰ তাঁৰ ছিঙি ভক্তৰ ওপৰত পৰিল, যাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
চকুৰ সন্মুখতেঘটা এই ঘটনাই ভক্তসকলৰ মাজত চৰম বিশৃংখলতাৰ সৃষ্টি কৰে। বিদ্যুৎস্পৃষ্ট হোৱাৰ ভয়ত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। পদপিষ্ট হোৱা পৰিস্থিতিৰ সৃষ্টি হয় । জানিব পৰা মতে, এই ঘটনাত ৩২ জন লোক আহত হৈছে।
জানিব পৰা মতে, বাৰাবাংকি জিলাৰ হাইদৰগড়ত অৱস্থিত ঔশাণেশ্বৰ মহাদেৱ মন্দিৰত ভক্তৰ মাজত অতি পৰিচিত। শাওণ মাহৰ সোমবাৰ উপলক্ষে এই মন্দিৰত বৃহৎ সংখ্যক লোক সমবেত হৈছিল। দেওবাৰে নিশাৰ পৰাই ইয়াত ভক্তৰ সমাগম হৈছিল। এই সময়তে পুৱা প্ৰায় ৩ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
বাৰাবাংকি জিলা দণ্ডাধীশ শশাংক ত্ৰিপাঠীয়ে সংবাদ মাধ্যমৰ আগত কয়, “মন্দিৰত ভক্তসকলে প্ৰাৰ্থনা কৰি থকাৰ সময়তে হঠাতে এটা বান্দৰে বিদ্যুতৰ তাঁৰত জপিয়াই পৰে। যাৰ বাবে তাঁৰ ছিঙি মন্দিৰৰ চালিত পৰি যায়। ক্ষন্তেক সময়ৰ ভিতৰতে তাত উপস্থিত থকা লোক বিদ্যুৎস্পৃষ্ট হয়।”
স্থানীয় ৰাইজৰ মতে, ঘটনাৰ সময়ত বহু লোক টিনৰ চেডৰ ওপৰত থিয় হৈ আছিল। ফলত বহু লোক বিদ্যুৎস্পৃষ্ট হৈ আহত হয়। ঘটনাৰ বাবে আতংকিত হৈ মানুহ দৌৰিবলৈ ধৰে। ফলত বহুত লোক আহত হয়। সকলোকে চিকিৎসালয়লৈ নিয়াৰ সময়ত তাতেই দুজন লোকৰ মৃত্যু হয়।
ঘটনা পোহৰলৈ অহাৰ পিছতে শোক প্ৰকাশ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। স্থানীয় আৰক্ষী আৰু প্ৰশাসনক ক্ষীপ্ৰতাৰে সেই স্থানলৈ যাবলৈ নিৰ্দেশ দিয়ে। আহতসকলে যাতে উপযুক্ত চিকিৎসা লাভ কৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। এই দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ ভিতৰত এজন হৈছে প্ৰশান্ত নামৰ ২২ বছৰীয়া যুৱক। দ্বিতীয়জন ব্যক্তিৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
উল্লেখ্য যে যোৱা দেওবাৰে উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল। বিপুল জনসমাগমৰ হেঁচাত তাত পদপিষ্ট হৈ ৮ জন লোকৰ মৃত্যু হয়। ইয়াতো বিদ্যুতৰ তাঁৰ ছিঙাৰ বাবে আতংকত পদপিষ্ট হয় সাধাৰণ মানুহ। তাৰ ৰেশ মাৰ নাযাওতেই এইবাৰ একে ঘটনাৰ সাক্ষী হ’ল উত্তৰ প্ৰদেশৰ বাৰাবাংকি।