NORTHEAST NOW (Assamese)

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা: দুজন থিতাতে নিহত

March 15, 2022 2:13 pm · কাজী জেইদুল ইছলাম, বিশ্বনাথ

বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা।বিশ্বনাথৰ বাঘমাৰীৰ সমীৰণ টিৰ সমীপত সংঘটিত এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুজন লোক।

ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা বাসুদেৱ নামৰ এখন যাত্ৰীবাহী বাছে সংঘটিত কৰিছে এই ভয়ানক দুৰ্ঘটনা।

গহপুৰ অভিমূখে গৈ থকা এখন স্কুটিক পিছফালৰ পৰা AS 07 BC 0146 নম্বৰৰ তীব্ৰ বেগী যাত্ৰীবাহী আল্ট্ৰা বাছখনে মহতিয়াই নিয়ে।

লগে লগে সেই স্থানতে নিহত হয় স্কুটি আৰোহী দুগৰাকী। ইতিমধ্যে ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাস্থলীৰ পৰা মৃতদেহ দুটা স্থানান্তৰ কৰিছে।

বৰ্তমান পৰ্যন্ত নিহত ব্যক্তি দুজনৰ পৰিচয় লাভ কৰা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আনহাতে কিছু দিন ধৰি বিশ্বনাথৰ পৰা গহপুৰ পৰ্যন্ত যাত্ৰী বাহী বাছ সমূহৰ দৌৰাত্ম‌ই ৰাজপথৰ পথাচাৰী সকলক আতংকিত কৰি তুলিছে বুলি স্থানীয় লোকে মন্তব্য কৰিছে।

Related News