NORTHEAST NOW (Assamese)

দিল্লীৰ চিকিৎসালয়ত দুগৰাকী চিকিৎসক ক’ৰ’না প’জিটিভ

April 14, 2020 10:01 pm · এন ই নাও নিউজ
Updated: April 14, 2020 10:04 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

দিল্লীৰ এখন চিকিৎসালয়ৰ দুগৰাকী চিকিৎসক কোভিদ-১৯ৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তথ্য লাভ কৰা হৈছে।

জানিব পৰা মতে, দিল্লীৰ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ৰ দুগৰাকী চিকিৎসকে সংক্ৰমিত ৰোগীক চিকিৎসা কৰাৰ ফলত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

‘‘চিকিৎসক দুগৰাকীৰ সংস্পৰ্শলৈ অহা আৰু কিছু সংখ্যক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে। আমি বৰ্তমান চিকিৎসক দুগৰাকীৰ সংস্পৰ্শলৈ অহা ব্যক্তি সকলক চিনাক্ত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছো,’’ ৰাম মোনহৰ লোহিয়া চিকিৎসালয়ৰ এগৰাকী বিষয়াই এইদৰে সদৰি কৰে।

আনহাতে, চিকিৎসক দুগৰাকী বৰ্তমান সুস্থ অৱস্থাত আছে বুলিও বিষয়া গৰাকীয়ে লগতে জানিবলৈ দিয়ে।

‘‘দুয়োগৰাকী চিকিৎসক বৰ্তমান সুস্থ হৈ আছে। তেওঁলোকৰ শৰীৰত কোনোধৰণৰ লক্ষণ দেখা দিয়া নাই যদিও পৰীক্ষাত ক’ৰ’না প’জিটিভ আহিছে,’’ চিকিৎসালয়খনৰ তৰফৰ পৰা লগতে জনায়।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে মধ্যপ্ৰদেশত এগৰাকী চিকিৎসকে ক’ৰ’না ৰোগীক চিকিৎসা কৰি থকাৰ সময়ত ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় মৃত্যু আকোৱালি ল’বলগীয়া হৈছিল।

ভাৰত চৰকাৰ আৰু দেশৰ ৰাজ্য চৰকাৰ সমূহৰ তৰফৰ পৰা চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলৰ সুৰক্ষা প্ৰথম প্ৰাথমিকতা বুলি বাৰে বাৰে নিৰ্দেশনাত উল্লেখ কৰি অহাৰ পাছতো কিছুসংখ্যক চিকিৎসা কৰ্মী ক’ৰ’নাৰ দ্বাৰা সংক্ৰমিত হোৱা ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে।

Related News