বি এছ এফ কমাণ্ডেন্টৰ পৰা ধন লুট কৰাৰ সন্দেহত দুজনক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত দিন দুপৰতে সীমান্ত সুৰক্ষা বাহিনীৰ কমাণ্ডেন্ট এজনৰ পৰা টকাৰ বেগ কাঢ়ি নিয়াৰ ঘটনা সন্দৰ্ভত দিচপুৰ আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে।

শনিবাৰে আৰক্ষীৰ জালত পৰা লোকদুজন পশ্চিমবংগৰ কোঁচবিহাৰৰ বন্তি সিং আৰু জলপাইগুৰিৰ শুভম গোৱালা।

দিচপুৰ আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি বৰপেটা জিলাৰ সৰভোগৰ পৰা দুয়োকে কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, যোৱা ১ মাৰ্চৰ দিনা গুৱাহাটীৰ ছয়মাইলৰ বাসিন্দা তথা সীমান্ত সুৰক্ষা বাহিনীৰ ১৭৪ কোম্পানীৰ কমাণ্ডেণ্ট ফণীন্দ্ৰ চৌধুৰীৰ পৰা ৪.৫ লাখ টকা দূৰ্বিত্বই দিন দুপৰতে কাঢ়ি লৈ গৈছিল। চৌধুৰীয়ে তেওঁৰ পত্নীৰ সৈতে ভাৰতীয় ষ্টেট বেংকৰ ছয়মাইল শাখালৈ টকা উলিয়াবলৈ আহিছিল।

বেংকৰ পৰা ৪.৫ লাখ টকা উলিয়াই কমাণ্ডেণ্ট চৌধুৰীয়ে বাহিৰলৈ ওলাই ফোনত কথা পাতি থকাৰ সময়তে পালছাৰ মটৰচাইকেলত উঠি অহা দুজন যুৱকৰ এজনে তেওঁৰ হাতৰ পৰা ৪.৫ লাখ টকাৰ বেগটো কাঢ়ি লৈ পলায়ন কৰিছিল।

এই ঘটনা সন্দৰ্ভত বি এছ এফৰ কমাণ্ডেন্টগৰাকীয়ে দিচপুৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত দিচপুৰ আৰক্ষীয়ে ৬৫৪/১৯ নম্বৰত ভাৰতীয় দণ্ড বিধিৰ ৩৯২ ধাৰাত গোচৰ ৰুজু কৰি আজি অভিযুক্ত লোক দুজনক গ্ৰেপ্তাৰ কৰে।